NORTHEAST NOW (Assamese)
দেশ

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ: গুলীবৰ্ষণত আহত আৰক্ষী বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2023 6:55 am
terrorists attack in kashmir

কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ। দেওবাৰে শ্ৰীনগৰত অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যাৰ চেষ্টা চলায় এজন আৰক্ষী বিষয়াক। এক ঈদগাহ অঞ্চলত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আক্ৰমণৰ পিছতে আঘাতপ্ৰাপ্ত বিষয়াগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে আক্ৰমণকাৰীৰ সন্ধানত অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে বুলি তেওঁ লগতে কয়।

ডাউনটাউন এলেকাৰ ঈদগাহ খেলপথাৰত ক্ৰিকেট খেলি থকাৰ সময়তে আৰক্ষী পৰিদৰ্শক মাছৰুৰ ৱানীক লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। লক্ষণীয়ভাৱে এই আক্ৰমণত ব্যৱহাৰ কৰা হয় আৰক্ষীৰ পিষ্টল।

এই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক টুইট যোগে ঘটনাৰ বিষয়ে প্ৰকাশ কৰি এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি উল্লেখ কৰে।

সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মতে, বিষয়াগৰাকীয়ে ঈদগাহৰ খেলপথাৰত স্থানীয় কিছু যুৱকৰ সৈতে ক্ৰিকেট খেলি থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰিছে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই।