মুকলি আকাশৰ তলত নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত, তল পৰিল নেকি ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ গোচৰ

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু টকাৰ বিনিময়ত চাকৰি দিয়া ঘটনাত অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দিয়াত পলম কৰি কৌশলপূৰ্ণভাৱে অভিযুক্তক জামিন লাভৰ সুবিধা কৰি দিছে অসম আৰক্ষীয়ে।
অসম আৰক্ষীৰ এই ভুমিকাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু এয়া আইনী শাসন ব্যৱস্থাৰ প্ৰতি প্ৰহসন বুলি অভিহিত কৰিছে। বিগত সময়ছোৱাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বহুকেইটা ঘটনাত অসম আৰক্ষীৰ নিৰপেক্ষ ভুমিকা আৰু কাৰ্যকলৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
এইটো স্পষ্ট যে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ লগত টকাৰ বিনিময়ত চাকৰি দিয়াৰ ঘটনা সাঙোৰ খাই আছে। প্ৰাথমিক তদন্ততে এই কথা পোহৰলৈ আহিছিল যে এই ঘটনাত বাজপেয়ী ভৱনৰ বহু শীৰ্ষ নেতা জড়িত হৈ আছে। বিজেপি দলৰ সভাপতি ভৱেশ কলিতা, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি বহু হাইপ্ৰফাইল নেতাৰ নাম এই ঘটনাত সাঙোৰ খাই পৰিছিল।
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত নিযুক্তিৰ নামত বৃহৎ অনিয়ম আৰু কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। জালুকবাৰী সমষ্টিৰ ৫৬ বছৰীয়া ব্যক্তিও চাকৰি পাবলৈ সক্ষম হৈছিল। কিন্তু নিজৰ মন মৰ্জি মতে শাসন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকা নিযুক্তিৰ আচল স্বৰূপ ওলাই পৰিব বুলি ভাবিয়ে এনে অনিয়মৰ ঘটনা তদন্ত ঘোষণা কৰিবলৈ সাহস নকৰিলে।
নিযুক্তিৰ নামত যে বৃহৎ স্বজন-তোষণ আৰু অনিয়ম সংঘটিত হৈছে সেই কথা বিভিন্ন ঘটনাই ইতিমধ্যে প্ৰমাণ কৰিছে। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাও এই নিযুক্তি কেলেংকাৰীৰ অংশ হোৱা বাবেই তদন্ত প্ৰক্ৰিয়াক আৰক্ষীৰ হতুৱাই লেহেমীয়া কৰা হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোক গাপ দিবলৈ চেষ্টা কৰিছে। ৰাজ্য গৃহ দপ্তৰৰ দায়িত্ব যিহেতু মুখ্যমন্ত্ৰী নিজেই আছে সেয়ে তেওঁৰ নিৰ্দেশতে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু টকাৰ বিনিময়ত চাকৰি দিয়া ঘটনাৰ তদন্ত প্ৰক্ৰিয়া লেহেম কৰি অভিযুক্তসকলক ৰেহাই দিবলৈ অসম আৰক্ষীয়ে কাম কৰিছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ উত্থাপন কৰিছে।