NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ মাত্ৰ ২০ শতাংশকহে অক্সিজেনৰ সহায়ৰ প্ৰয়োজন হৈছে : চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 10:16 pm
Luv Agrawal

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শেহতীয়া স্থিতি সম্বন্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে তথ্য দাঙি ধৰি ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা যদিও বৃদ্ধি পাইছে কিন্তু ইয়াৰ ভিতৰত মাত্ৰ ২০ শতাংশ ব্যক্তিয়েহে সংকটজনক অৱস্থাত অক্সিজেন ল’বলগীয়া হৈছে বুলি উল্লেখ কৰে।

‘‘চৰকাৰে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰস্তুতি সম্পুৰ্ণ কৰিছে আৰু জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই,’’ আগৰৱালে সংবাদমেল সম্বোধন কৰি কয়।

আনহাতে, চীন, জাপান আৰু দক্ষিণ কোৰিয়াত পুনৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱা বিষয় সন্দৰ্ভত ভাৰতেও পৰ্যালোচনা অব্যাহত ৰাখিছে বুলি লাভ আগৰৱালে কয়।

আগৰৱালে দেশৰ সকলো জনসাধাৰণক এতিয়া মানি চলাৰ দৰে সামাজিক দূৰত্ব আৰু ক’ৰ’না প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰি থাকিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছত ৮৫০০ কৈ অধিক লোক আক্ৰান্ত হৈছে আৰু দুশৰো অধিক লোক ভাইৰাছৰ সংক্ৰমণৰ বাবে মৃত্যু মুখত পৰিছে।

অসমত এতিয়ালৈ ২৯ গৰাকী ক’ৰ’না প’জিটিভ ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ ভিতৰত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ গৰাকী ব্যক্তি সুস্থ হৈ উঠিছে।