NORTHEAST NOW (Assamese)
Popular Stories

বিৰাট কোহলিক কপিল দেৱৰ সৈতে তুলনা এগৰাকী প্ৰাক্তন বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 10:11 pm
Virat-Kohli-

ভাৰতৰ প্ৰাক্তন অপেনিং বেটছমেন শ্ৰীকান্তে বৰ্তমানৰ ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিক মহান অলৰাউণ্ডাৰ কপিল দেৱৰ সৈতে তুলনা কৰিছে।

সহজতে পৰাজয় স্বীকাৰ নকৰা আৰু গভীৰ আত্মবিশ্বাসৰ কথা উল্লেখ কৰিয়েই শ্ৰীকান্তে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত বিশ্বকাপ জয়ী দলৰ সদস্য আছিল শ্ৰীকান্ত। ইফালে ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল বিৰাট কোহলি।

শ্ৰীকান্তে ষ্টাৰ স্প’ৰ্টছৰ ‍‘ক্ৰিকেট কানেক্টটেড’ নামৰ এটা অনুষ্ঠানত কৈছিল, ‍‘মই কপিল দেৱৰ সৈতে খেলিছো আৰু কোহলিক নিৰ্বাচিত কৰা নিৰ্বাচক সমিতিৰ মই এজন সদস্য আছিলো। মই আপোনালোকক ক’ব পাৰো যে দুয়োৰে মানসিকতা প্ৰায় একেই’।

তেওঁ লগতে কয়, ‍‘দুয়োজনৰে আত্মবিশ্বাস প্ৰৱল আৰু দুয়োজনে জয়ী হোৱাৰ মানসিকতাৰে খেলপথাৰত নামে’।

এই অনুষ্ঠানতে উপস্থিত থকা ভাৰতীয় দলৰ আন এজন প্ৰাক্তন মহান বেটছমেন ভি ভি এছ লক্ষ্মণে কয় যে মেচত কোহলিৰ উৎসাহ এক অ’ভাৰৰ বাবেও অন্ত নপৰে।

লক্ষ্মণে লগতে কোহলিৰ এই কাৰ্যক প্ৰশংসনীয় বুলিও আখ্যা দিয়ে।

উল্লেখ্য যে, এই পৰ্যন্ত কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণতে ৫০ ৰো অধিক গড়ত ৰান সংগ্ৰহ কৰিছে।