NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপৰ ফাইনেলৰ দিনাই এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ হুংকাৰ খালিস্তানী নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 5, 2023 11:44 am

ভাবুকিত কোৱা হৈছে “১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিব”। খালিস্তানী বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত পান্নুনে এইদৰে এক ভয়ংকৰ সকীয়নি দিছে। তেওঁৰ ভাবুকিৰ পিছত সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।

ভাৰতক পুনৰ ভাবুকি দিছে নিষিদ্ধ সংগঠন শিখছ ফৰ জাষ্টিছৰ মুৰব্বী খালিস্তান সমৰ্থক নেতা গুৰপতৱন্ত সিং পান্নুনে। ছ’চিয়েল মিডিয়াত অডিঅ’-ভিডিঅ’ বাৰ্তাৰ জৰিয়তে পান্নুনে সকীয়াই দিছে যে ১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত শিখ সম্প্ৰদায়ৰ কোনো ব্যক্তিয়ে যাত্ৰা কৰিব নালাগে। তেনে কৰিলে যিকোনো মুহূৰ্ততে জীৱন বিপদত পৰিব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে।

ভাৰতক সকীয়াই দিওঁতে খালিস্তানী সন্ত্ৰাসবাদীগৰাকীয়ে লগতে কয় যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সেইদিনা বন্ধ থাকিব। লগতে তেওঁ কয় যে ১৯ নৱেম্বৰ ‘বিশ্ব সন্ত্ৰাসবাদ কাপ’ৰ অন্তিম দিন। ক্ৰিকেট বিশ্বকাপক বিশ্ব সন্ত্ৰাসবাদ কাপ বুলি অভিহিত কৰি তেওঁ এই ভাবুকি দিছে।

লগতে পঢ়কঃ ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান

আহমেদাবাদত আয়োজন কৰা হৈছে বিশ্বকাপৰ ফাইনেল। এতিয়া পান্নুৱে এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰুৱাই দিয়াৰ ভাবুকি দিছে।তেওঁ পঞ্জাৱৰ স্বাধীনতাকলৈ গণভোট আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাও পুনৰবাৰ উল্লেখ কৰিছে।

গুৰপতৱন্ত পান্নুনে ভাবুকিৰ সুৰত সকীয়াই দিয়ে যে বিমানবন্দৰটোৰ নাম হ’ব শ্বহীদ বিয়ন্ত সিং, শ্বহীদ সতৱন্ত সিং খালিস্তান বিমানবন্দৰ। বিয়ন্ত সিং আৰু সতৱন্ত সিং আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষী, যিয়ে ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী গান্ধীক হত্যা কৰিছিল।

২০২৩ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বেও ভাবুকি দিছিল পান্নুনে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। আহমেদাবাদ চাইবাৰ আৰক্ষী থানাত ৰুজু হৈছে এই এফআইআৰ। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ফোন কলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছিল পান্নুনে।

লগতে পঢ়কঃ ICC World Cup 2023: যোৱাবাৰৰ বিশ্ব চেম্পিয়নক বিদায় দি ছেমি ফাইনেলৰ পথত আৰু এঢাপ আগবাঢ়িল অষ্ট্ৰেলিয়া

উল্লেখ্য যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সন্দৰ্ভত সংসদলৈ দিয়া বিবৃতিত ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক তিক্ত হৈ পৰিল। যেতিয়া কানাডাই এজন ভাৰতীয় কূটনীতিবিদক উভতাই পঠিয়াইছিল, তেতিয়া ভাৰতেও ইয়াৰ প্ৰতিক্ৰিয়াত কানাডাৰ এজন কূটনীতিবিদক বহিষ্কাৰ কৰিছিল।

ইয়াৰ পিছতে কানাডাই নিজৰ নাগৰিকসকলক ভাৰতৰ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। আনহাতে, ভাৰতে নিজৰ নাগৰিকসকলক কানাডালৈ যোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়ে। এই উত্তেজনাৰ মাজতে পান্নুনে কানাডাত ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পাবলৈ আৰম্ভ কৰে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত নিষিদ্ধ সংগঠন শিখছ ফৰ জাষ্টিছৰ নেতা গুৰপতৱন্ত সিং পান্নুনে শিখসকলক কোৱা শুনা গৈছে যে, “আপুনি ১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিব। আপোনাৰ জীৱন বিপদত পৰিব পাৰে। ১৯ নৱেম্বৰত বিশ্বব্যাপী অৱৰোধ হ’ব আৰু আমি এয়াৰ ইণ্ডিয়াৰ বিমান উৰিব নিদিওঁ’। লগতে ভিডিঅ’টোত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰাৰো হুংকাৰো দিয়ে।

ইয়াৰ পূৰ্বেও গুৰপতৱন্ত সিঙে আক্ৰমণৰ ভাবুকি দিছিল। ইজৰাইলত হামাছৰ আক্ৰমণৰ পিছতো পান্নুনে এটা ভিডিঅ’ মুকলি কৰে। ইয়াত তেওঁ হামাছৰ দৰে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছিল।