NORTHEAST NOW (Assamese)
ক্ৰীড়া

কোনে কয় ভগৱান ‘স্পৰ্শাতীত’!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 5, 2023 10:37 pm

‘ক্ৰিকেটৰ ভগৱান’! ১৬ বছৰ বয়সত ২২ গজত আত্মপ্ৰকাশ কৰা এটি তৰুণ কিশোৰ কালক্ৰমত হৈ পৰিছিল ক্ৰিকেটৰ ভগৱান! নহ’ব কিয়, ২৪ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত তাৰকাগৰাকীয়ে সংগ্ৰহ কৰিছিল ত্ৰিশ সহস্ৰাধিক ৰাণ, নিজৰ নামত সন্নিৱিষ্ট কৰিছিল প্ৰায় ক্ৰিকেটীয় অভিলেখ। হৈ পৰিছিল জীৱন্ত কিংবদন্তি।

কোৱা হয়, ভগৱান স্পৰ্শাতীত! পিছে এই ধাৰণা যেন ভুল প্ৰমাণ কৰিবলৈকে ২২ গজৰ ন-মহাতাৰকা হৈ ‘মেন ইন ব্লু’লৈ আগমণ ঘটিছিল কোহলীৰ। প্ৰায় সলনি কৰি দিছিল ক্ৰিকেটৰ সমীকৰণ। হৈ পৰিল মডাৰ্ণ ডে’ ক্ৰিকেটৰ মহানায়ক।

ক্ৰিকেট বিশেষজ্ঞই দিবলৈ বাধ্য হৈছিল নতুন অভিধা, বিৰাট ‘দ্য আনষ্টপেবল ৰাণমেচিন’ কোহলী। অনুৰাগীৰ প্ৰাণৰ তাৰকা কিং কোহলী। এতিয়া কোহলীয়েই যেন হৈ পৰিছে ক্ৰিকেটৰ ‘ফেচ্’! শচীনে গঢ়ি যোৱা অভিলেখৰ লিপিত কোহলীয়ে ন-কৈ লিখিছিল নিজৰ নাম।

ইটোৰ পিছত সিটোকৈ অভিলেখৰ ভঙা-পতাৰ ক্ৰম: গতিশীল পথত আজি কোহলীয়ে স্পৰ্শ কৰিলে এক পৰম আকাংক্ষিত অভিলেখ। স্পৰ্শ কৰিলে ক্ৰিকেটৰ

এই শতকীয় ইনিংছটোৰে কোহলীয়ে শচীন টেণ্ডুলকাৰৰ নামত থকা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ৰ সৰ্বাধিক শতকৰ অভিলেখ স্পৰ্শ কৰে। শচীনে নিজৰ শচীনে নিজৰ ৪৫১ তম ইনিংছত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে কোহলীয়ে ২৭৭ তম ইনিংছতে লাভ কৰে এই সাফল্য।

লক্ষণীয়ভাৱে, আজি আছিল আধুনিক ক্ৰিকেটৰ এই মহাতাৰকাগৰাকীৰ জনমদিন। জীৱনৰ এই বিশেষ দিনটোতে তাৰকাগৰাকীৰ এই সাফল্যই উদ্বাউল কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক তথা ক্ৰিকেট বিশ্বক।