NORTHEAST NOW (Assamese)
Popular Stories

মদ্যপানে সঁচাকৈয়ে হ্ৰাস কৰে নেকি শুক্ৰাণুৰ সংখ্যা? জানিবলৈ পঢ়ক ..

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 7, 2023 5:20 pm

আমাৰ দৈনন্দিন খাদ্যাভ্যাস বা জীৱনশৈলীৰ লগত সুস্থ শৰীৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপুনি কি খায় আৰু কিমান খায় তাৰ ওপৰত।

পুৰুষৰ শাৰীৰিক গঠন, পেশী আৰু হাড়ৰ শক্তি, সামগ্ৰিক সুস্থতা আদি মূলতঃ টেষ্টষ্টেৰন নামৰ হৰম’নৰ ওপৰত নিৰ্ভৰ কৰে। এই হৰম’নটোৱেই সুস্থ শুক্ৰাণুৰ বৃদ্ধিৰ বাবে দায়বদ্ধ।

কিন্তু এই হৰম’নৰ মাত্ৰাত যদি কোনো ধৰণৰ বিঘিনি ঘটে, তেন্তে তাৰ পৰাই গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। অনিয়মিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস এতিয়া আমাৰ দৈনন্দিন সংগী। তাৰ উপৰিও কৰ্মজীৱনৰ অসম্ভৱ মানসিক চাপ। সেয়ে, বৰ্তমান সুস্থ হৈ থকাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

বিশেষজ্ঞসকলে কয় যে ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ শৰীৰত বহুতো ৰোগে বাহ সাজে। অনিয়মিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ ফলত পুৰুষৰ টেষ্ট’ষ্টেৰনৰ অভাৱ হ’ব পাৰে। ফলত শুক্ৰাণুৰ সংখ্যা অকালতে কমি যাব পাৰে। 

কি কি খাদ্যই টেষ্ট’ষ্টেৰনক প্ৰভাৱিত কৰে জানো আহক –

২০২১ চনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যিসকল পুৰুষে ৰিফাইন কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যেনে পেষ্ট্ৰি, কিছুমান বিশেষ ধৰণৰ ব্ৰেড,  পিজ্জা আদি খায় তেওঁলোকৰ শৰীৰত মুঠ টেষ্টষ্টেৰনৰ মাত্ৰা কম হয়।

লগতে কুকিজ, কেক, মাখন আদি চৰ্বিযুক্ত খাদ্যই টেষ্ট’ষ্টেৰনৰ মাত্ৰাত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ট্ৰেন্স ফেট, ওমেগা-৬ ফেটি এচিডযুক্ত খাদ্যইয়ো টেষ্ট’ষ্টেৰন উৎপন্ন হোৱাত বাধাৰ সৃষ্টি কৰে।

বাণিজ্যিকভাৱে উপলব্ধ বেকড খাদ্য যেনে কেক, কুকিজ, পাই, মাইক্ৰৱেভ পপকৰ্ণ, ফ্ৰেঞ্চ ফ্ৰাই, ফ্ৰাইড চিকেন বা অন্যান্য ভজা খাদ্য, মাৰ্জাৰিন, এই সকলোবোৰতে ট্ৰেন্স ফেট থাকে।

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে পদিনা বা পদিনা সদৃশ খাদ্যই পুৰুষৰ টেষ্ট’ষ্টেৰনৰ মাত্ৰাত প্ৰভাৱ পেলায়। সেই কাৰণে বহুতে কয় যে পুৰুষে অতিৰিক্ত পদিনা খোৱাটো উচিত নহয়।

বিশেষজ্ঞসকলে কয় যে কম পৰিমাণে মদ্যপান কৰিলে বিশেষ ক্ষতি নহয়। কিন্তু যিসকলে নিয়মিতভাৱে দীৰ্ঘদিন ধৰি মদ্যপান কৰে তেওঁলোকৰ শৰীৰত স্বাভাৱিকতকৈ বহু কম টেষ্ট’ষ্টেৰন থাকে। ফলত তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যাও কম হয়।

২০০৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে ৩০-৪০ গ্ৰাম মদ্যপান কৰিলে তিনি সপ্তাহৰ ভিতৰত টেষ্টষ্টেৰনৰ মাত্ৰা ৬.৮ শতাংশ হ্ৰাস পায়। অত্যধিক চোডা, শীতল পানীয় সেৱন কৰাটোও পুৰুষৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

অত্যধিক ভজা খাদ্য, অনিয়ন্ত্ৰিত মদ্যপানে মেদবহুলতা বৃদ্ধি কৰে। আৰু ওজন বৃদ্ধিয়ে শৰীৰৰ হৰম’নতো প্ৰভাৱ পেলায়। ফলত পুৰুষৰ শৰীৰত টেষ্ট’ষ্টেৰনৰ মাত্ৰা কমি যায় আৰু শুক্ৰাণুৰ সংখ্যাও কমি যায়।