NORTHEAST NOW (Assamese)
Popular Stories

সাপৰ পিজ্জাৰে গ্ৰাহক আপ্যায়ন! ক’ত পাব এই বিশেষ পিজ্জা, জানিবলৈ চাওক…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2023 7:32 pm
Snake Pizza

জাংক ফুড প্ৰেমী খাদ্যৰসিক সকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় এক খাদ্য পিজ্জা। সুস্বাদু এই খাদ্যৰ সোৱাদ গ্ৰহণৰ বাবে ৰেষ্টুৰেণ্টত ভিৰ লাগে খাদ্যৰসিক গ্ৰাহকৰ। বিভিন্ন উপাদানৰ পৰা তৈয়াৰী পিজ্জাৰ সোৱাদত মোহাচ্ছন্ন হয় গ্ৰাহকৰ জিভা।

পিছে বজাৰত এইবাৰ গ্ৰাহকৰ বাবে এক বিশেষ পিজ্জা মুকলি কৰিছে এক বিখ্যাত প্ৰতিষ্ঠানে। জনপ্ৰিয় আমেৰিকান প্ৰতিষ্ঠান পিজ্জা হাটে হংকঙত উন্মোচন কৰিছে এক স্বকীয় পিজ্জা।

সংবাদ প্ৰতিষ্ঠান চিএনএনৰ এক প্ৰতিবেদন মতে, আমেৰিকান কোম্পানীটোৱে হংকঙৰ এখন শতিকা পুৰণি ৰেষ্টুৰেণ্টৰ সৈতে মিলি প্ৰদেশখনৰ এটা পৰম্পৰাগত খাদ্য উপাদানেৰে প্ৰস্তুত কৰিছে এই বিশেষ পিজ্জা।

পিজ্জা হাটে এই পিজ্জাত ব্যৱহাৰ কৰিছে সাপৰ মাংস। গতানুগতিকভাৱে ব্যৱহাৰ কৰা টমেটো চছৰ পৰিৱৰ্তে এবেলন চচৰ সৈতে পৰিৱেশন কৰা হৈছে এই পিজ্জা। ৯ ইঞ্চিৰ এই পিজ্জা ২২ নৱেম্বৰলৈকে বিক্ৰী কৰা হ’ব বুলি জানিব পৰা গৈছে।

চিএনএনে লগতে উল্লেখ কৰা মতে, ১৮৯৫ চনতে মুকলি হোৱা চেণ্ট্ৰেল হংকঙৰ ৰেষ্টুৰেণ্ট চেৰ ৱং ফানৰ সৈতে অংশীদাৰিত্বৰে পিজ্জা হাটে শেহতীয়া এই ৰেচিপিটো গ্ৰাহকৰ বাবে মুকলি কৰিছে।