NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! জুইত জাহ গ’ল যাত্ৰীবাহী বাছ, অগ্নিদগ্ধ হৈ দুগৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2023 11:12 pm
bus catches fire

এক শোকাৱহ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে দুগৰাকী ব্যক্তিয়ে। এখন যাত্ৰীবাহী বাছত সৃষ্টি হোৱা ভয়ানক অগ্নিকাণ্ডই প্ৰাণ লৈছে দুই যাত্ৰীৰ। গুৰুগ্ৰামত সংঘটিত হৈছে এই মৰ্মান্তিক কাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি জয়পুৰৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰীবাহী বাছ গুৰুগ্ৰামত উপস্থিত হোৱাৰ কিছুসময় পিছতে বাছখনত হঠাতে জুয়ে আৱৰি ধৰে।

এই জুয়ে মুহূৰ্ততে গোটেই বাছখন আৱৰি ধৰে আৰু বাছখনত থকা বহু যাত্ৰী অগ্নিদগ্ধ হয়। ইয়াৰ পৰিণতিত দুই যাত্ৰীৰ মৃত্যু হোৱাৰ হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে।

ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বিভাগক খবৰ দিয়া হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। জুইত জাহ যোৱা দুই যাত্ৰীৰ মৃতদেহ বাছখনৰ পৰা উদ্ধাৰ কৰা হয়।

ইফালে কেইবাজনো আহত লোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বাছখনত হঠাতে হোৱা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।