NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণ, গণহত্যাৰে জৰ্জৰিত চুডান, গৃহহীন ৬০ লাখ লোক; অৰ্ধসামৰিক বাহিনীৰ হাতত বিপৰ্যস্ত সেনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 9, 2023 12:25 pm

সেনা-অৰ্ধসামৰিক বাহিনীৰ যুঁজত দিশহাৰা হৈ পৰিছে চুডান! আঠ মাহ ধৰি চলি থকা এই গৃহযুদ্ধত সাধাৰণ মানুহে প্ৰাণ হেৰুৱাইছে। ‘ৰেপিড ছাপৰ্ট ফ’ৰ্চ’ (আৰ এছ এফ) নামেৰে পৰিচিত অৰ্ধসামৰিক বাহিনী এটাই দেশৰ সেনাক প্ৰায় নিৰস্ত্ৰ কৰি গুৰুত্বপূৰ্ণ দাৰফুৰ প্ৰদেশ দখল কৰিবলৈ ওলাইছে বুলি জানিব পৰা গৈছে।

দেশখনৰ সশস্ত্ৰ বাহিনীৰ দুজন জেনেৰেল আব্দেল ফাত্তাহ আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৱে চুডানত ক্ষমতাৰ বাবে যুঁজি আছে। প্ৰথমজন হৈছে চুডানৰ সেনা প্ৰধান আৰু ২০১৯ চনৰ পৰা দেশখনৰ সৰ্বোচ্চ শাসকীয় পৰিষদৰ মুৰব্বী। দ্বিতীয়জন হৈছে দেশৰ অৰ্ধসামৰিক ‘ৰেপিড চাপৰ্ট ফ’ৰ্চ’ৰ মুৰব্বী আৰু পৰিষদৰ সদস্য।

দুয়োজন জেনেৰেলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘা, লুণ্ঠন, নৃশংসতা আৰু ধৰ্ষণত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ১৫ এপ্ৰিলৰ পৰা চলি থকা যুদ্ধত যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়া নাই যুদ্ধৰ কোনো পক্ষই। পশ্চিম দাৰফুৰ প্ৰদেশত যোৱা কিছুদিনত ক্ষমতাৰ ৰক্তাক্ত সংগ্ৰামত শ শ লোকৰ মৃত্যু হৈছে। ৰাজধানী খাৰ্টুমত বহু লোকে প্ৰাণ হেৰুৱাইছে।

লগতে পঢ়কঃ বন্ধুৱে জন্মদিনত দিলে গ্ৰেনেড ‘উপহাৰ’, বিস্ফোৰণত প্ৰাণ গ’ল ইউক্ৰেইনৰ কমাণ্ডাৰ ইন চীফৰ

বিবিচিৰ তথ্য অনুসৰি, আফ্ৰিকান দেশখনত চলি থকা গৃহযুদ্ধৰ বাবে কমেও ৬০ লাখ লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। বহুতেই নিজৰ জীৱন ৰক্ষাৰ বাবে চুবুৰীয়া দেশ চাডত আশ্ৰয় লৈছে।

ইপিনে, ‘ৰেপিড চাপৰ্ট ফ’ৰ্চ’ আৰু তেওঁলোকৰ মিত্ৰ আৰব মিলিচিয়াই দাৰফুৰত গণহত্যা চলাই আছে। অমুছলমানক লক্ষ্য কৰি লৈছে। ধৰ্ষণক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। পশ্চিম দাৰফুৰৰ ৰাজধানী এল জেনিনাত থকা সামৰিক মুখ্য কাৰ্যালয় দখল কৰিছে অৰ্ধসামৰিক বাহিনীয়ে।

আৰ এছ এফে শৰণাৰ্থী শিবিৰত আক্ৰমণ কৰি ৮০০ লোকক হত্যা কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰাছিয়াৰ ভাড়াতীয়া ৱেগনাৰে সংযুক্ত আৰব আমিৰশ্বাহী আৰু লিবিয়াৰ উপৰিও আৰ এছ এফকো সহায় কৰিছে বুলি পশ্চিমীয়া সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ৱানখেড়েত মেক্সৱেলৰ অবিশ্বাস্য প্ৰদৰ্শন! কি ক’লে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীৰ ভাৰতীয় পত্নীয়ে?

উল্লেখ্য যে ২০০৩ চনত তেতিয়াৰ স্বাধীন চুডানত মুছলমান আৰু খ্ৰীষ্টানৰ মাজত হোৱা গৃহযুদ্ধত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত আৰব মুছলমান প্ৰধান চুডান ভাঙি খ্ৰীষ্টান দেশ দক্ষিণ চুডানৰ সৃষ্টি হয়।