NORTHEAST NOW (Assamese)
ক্ৰীড়া

কাইলৈ প্ৰথম ছেমি: ক’লা বজাৰত লক্ষাটিক টকাত বিক্ৰী মেচৰ টিকট, এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2023 7:17 pm
India vs New Zealand

ক্ৰিকেট বিশ্বত এতিয়া বিশ্বকাপৰ জ্বৰ। গত ৫ অক্টোবৰৰ পৰা চলি থকা বিশ্বকাপৰ লীগ পৰ্যায়ৰ খেল ইতিমধ্যে সমাপ্ত হৈছে। লীগৰ শীৰ্ষ চাৰিটা দল ভাৰত, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া উপনীত হৈছে ছেমিত।

কাইলৈ প্ৰথমখন ছেমিত মুম্বাইৰ ৱাংখাড়েত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড। মেচখনৰ বাবে মুকলি কৰা টিকট ইতিমধ্যে প্ৰায় বিক্ৰী হৈছে। পিছে ক’লা বজাৰত টিকটৰ প্ৰকৃত মূল্যতকৈ বহুগুণ অধিক দৰত বিক্ৰী হৈছে টিকট।

ছেমিৰ মেচ টিকটৰ এইদৰে ক’লা বেহাৰ কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিগৰাকীক ৰোশন গুৰুবক্ষণী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গুৰুবক্ষণীয়ে মেচৰ টিকট ১,২০,০০০ টকাকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰে। তেওঁৰ পৰা আৰক্ষীয়ে দুখন টিকটো উদ্ধাৰ কৰিছে।

এই ক’লা বেহাত ৰোশন গুৰুবক্ষণীৰ সৈতে আন এগৰাকী ব্যক্তি জড়িত আছিল বুলি উল্লেখ কৰি আৰক্ষীয়ে উক্ত ব্যক্তিগৰাকীৰ সন্ধানত অভিযান চলাই আছে বুলি সদৰী কৰে।

এই ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে বিশ্বকাপৰ মেচৰ টিকট ক্ৰয় কৰাৰ সময়ত ক্ৰিকেট অনুৰাগীসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।