NORTHEAST NOW (Assamese)
অসম

অতুল বৰাক মৃত্যুৰ ভাবুকিৰ পিছতে তৎপৰ আৰক্ষী: তদন্ত আৰম্ভ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2023 7:51 pm
Atul Bora

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক ফেচবুকত এক কমেণ্ট যোগে এগৰাকী ব্যক্তিয়ে মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

মন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে এই বিষয়ত সবিশেষ তথ্য সংগ্ৰহৰ বাবে নৰ্থ ইষ্ট নাওৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল।

উল্লেখ্য যে, মন্ত্ৰী অতুল বৰাৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণ ঘটাই হত্যাৰ পৰিকল্পনা কৰা হৈছে বুলি ফেচবুকত চাঞ্চল্যকৰ দাবী কৰিছিল এগৰাকী ব্যক্তিয়ে।

নৰ্থ ইষ্ট নাও(ভিডিঅ’)ৰ ফেচবুক পেজত মন্ত্ৰী অতুল বৰা কেন্দ্ৰিক এটা বাতৰিৰ তলত প্ৰণাছ শণ্ডিল্য নামৰ এজন ব্যক্তিয়ে এক মন্তব্যৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীক।

ব্যক্তিগৰাকীৰ দাবী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনা কৰিছে আলফাই!

নিজকে আলফা সদস্য বুলি দাবী কৰি প্ৰণাশ শণ্ডিল্যই কয় যে সংগঠনটোৱে মন্ত্ৰী অতুল বৰাৰ কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছে।

“অতুল বৰাৰ কোৱাৰ্টাৰ বোমা প্লাণ্টৰ প্লেন কৰা হৈছে। আমি আলফাৰ পৰা সৱ কৰি আছো। বেছি দিন জীয়াই নাথাকে ই।”— কমেণ্ট যোগে ফেচবুক ব্যৱহাৰকাৰীজনে কয়।