NORTHEAST NOW (Assamese)
দেশ

৪ দিনৰ মূৰতো উদ্ধাৰ কৰিব পৰা নাই সুৰংগত আৱদ্ধ শ্ৰমিকক, থাইলেণ্ড আৰু নৰৱেৰ সংস্থাৰ সৈতে যোগাযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2023 9:25 am

চাৰিদিন পাৰ হৈ গ’ল, এতিয়াও উত্তৰকাশী সুৰংগত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। নতুনকৈ হোৱা ভূমিস্খলন আৰু কাৰিকৰী সমস্যাৰ বাবে উদ্ধাৰৰ কাম ব্যাহত হৈ পৰিছে। 

আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ুসেনাই তিনিখন বিশেষ বিমানত ২৫ টন পাইপ প্ৰেৰণ কৰিছে। 

আনহাতে, সুৰংগটোৰ পৰা শ্ৰমিকসকলক কেনেকৈ নিৰাপদে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে থাইলেণ্ড আৰু নৰৱেৰ বিশেষ উদ্ধাৰকাৰী দলৰ সৈতেও যোগাযোগ কৰা হৈছে।

জানিব পৰা মতে, ২০১৮ চনত থাইলেণ্ডৰ এটা গুহাত আবদ্ধ হৈ থকা শিশুসকলক উদ্ধাৰৰ বাবে সাহসী উদ্ধাৰ অভিযান চলোৱা এটা বিশেষ সংস্থাটোৰ সৈতেও যোগাযোগ কৰা হৈছে। 

সেই সংস্থাটোৱে প্ৰায় ১০ হাজাৰ উদ্ধাৰকাৰীৰ সহযোগত এসপ্তাহজোৰা উদ্ধাৰ অভিযানৰ অন্তত শিশু সকলক উদ্ধাৰ কৰিছিল। তেওঁলোকৰ সেই অভিজ্ঞতা ব্যৱহাৰ কৰি উত্তৰকাশীৰ ভাঙি পৰা নিৰ্মিয়মান সুৰংগত আৱদ্ধ হৈ থকা ৪০ জন শ্ৰমিকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে সহায় বিচাৰিছে ভাৰতে।

আনহাতে, বিশেষ বায়ুসেনাৰ বিমানেৰে দিল্লীৰ পৰা অনা হৈছে বিশেষ মেচিন। এই মেচিনটোৱে এঘণ্টাত ৪-৫ মিটাৰ পৰ্যন্ত খনন কৰিব পাৰে। যদি এই মেচিনটো উত্তৰকাশী সুৰংগত ব্যৱহাৰ কৰিব পৰা যায়, তেন্তে ডাঙৰ সুৰংগলৈ পাইপ সোমোৱাই পাইপৰ মাজেৰে শ্ৰমিকসকলক নিৰাপদে উলিয়াই আনিব পৰা যাব্ব। 

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা এই মেচিন ব্যৱহাৰ কৰিব পাৰিব।