NORTHEAST NOW (Assamese)
Popular Stories

জুবিনৰ দুৰ্ঘটনাৰ দিনটোত ছিংগাপুৰত সাংস্কৃতিক অনুষ্ঠান হৈছিলনে? কি ক’লে তেজপুৰৰ পৰা যোৱা সাংস্কৃতিক দলৰ প্ৰতিনিধিয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 10:08 am

চলিত মাহৰ ১৯ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰ তাৰিখলৈ ছিংগাপুৰৰ Suntec Convention and Exhibition Centreত অনুষ্ঠিত হ’ব লগা চতুৰ্থ North East India Festivalৰ বাবে গৈছিল তেজপুৰৰ এটা সাংস্কৃতিক দল। প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈ আৰু নৃত্যশিল্পী ৰুবি বৰা বৰদলৈৰ কন্যা ভায়লিনা বৰদলৈৰ নেতৃত্বত গৈছিল দলটো। মুখ্য আয়োজক শ্যামকানু মহন্তৰ সৈতে হোৱা চুক্তি অনুসৰি নৰ্থইষ্ট ফেষ্টিভেললৈ গৈছিল দলটো। দলটোত ভায়লিনা বৰদলৈৰ সৈতে আছিল তেজপুৰৰ নৃত্যশিল্পী ক্ৰমে- নীলাংগনা বৰা, নিকিতা ঠাকুৰীয়া, কাব্যশ্ৰী মহন্ত আৰু কস্তুৰী বৰা। একেদৰে বাদ্যযন্ত্ৰীৰূপে গৈছিল নগাঁৱৰ দেৱাশীষ শইকীয়া আৰু নৱৰঞ্জন বৰাৰ লগতে তেজপুৰৰ অমিত বড়ো।

নৰ্থ-ইষ্ট ফেষ্টিভেলত ২০ তাৰিখে অনুষ্ঠান আছিল জুবিন গাৰ্গৰ। সকলোৱে আপোন শিল্পীজনক লগ পোৱাৰ এক উৎকণ্ঠাৰ মাজতে তেজপুৰৰ পৰা যোৱা দলটোৱে হোটেলত থকা সময়তে দুঃসংবাদটো লাভ কৰে। তথাপিও নিৰ্দিষ্ট সময়ত সাজ-সজ্জা পৰিহিত দলটোক ছানটেক চেণ্টাৰলৈ লৈ অহা হ‘ল যদিও অনুষ্ঠান অনুষ্ঠিত নহ’ল। বাতিল কৰা হ’ল সকলো কাৰ্যসূচী। যোৱা ২২ তাৰিখৰ ৰিটাৰ্ণ টিকট অনুসৰি নিৰ্দিষ্ট হোটেলতে দলটোক ১৯ তাৰিখৰ পৰা ২১ তাৰিখলৈ ৰখা হয়।

যোৱা ২২ তাৰিখে দলটোক ছিংগাপুৰৰ পৰা কলকাতা আৰু তাৰপিছত গুৱাহাটী বিমানবন্দৰলৈ লৈ অহা হ‘ল। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল — তেজপুৰৰ দলটোৱে ছাঁটোকে নেদেখিলে মুখ্য আয়োজক শ্যামকানু মহন্তৰ। দলটোক নেতৃত্ব দিয়া ভায়লিনাৰ সৈতে কি চুক্তি সম্পন্ন হৈছিল সেই সন্দৰ্ভতো জ্ঞাত নহয় দলটোৰ বাকী সদস্য। আপোন শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ বিষাদ বুকুত কঢ়িয়াই তেজপুৰত উপস্থিত হোৱা দলটোৰ তিনি সদস্যই প্ৰথমবাৰলৈ এইখিনি কথা অসমৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ আগত ব্যক্ত কৰিছে।