NORTHEAST NOW (Assamese)
Popular Stories

সপোনতে দেখিছিল ছামিৰ ৭ উইকেটৰ দুৰন্ত স্পেল! আশ্চৰ্যকৰ টুইটেৰে চৰ্চাত এজন ব্যক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2023 5:51 pm
Mohammed Shami

বুধবাৰে বিশ্বকাপৰ ছেমিত নিউজিলেণ্ডৰ বিপক্ষে চমকপ্ৰদ বিজয়েৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। অবিস্মৰণীয় বলিং স্পেলেৰে ভাৰতৰ জয়ৰ মহানায়ক হিচাপে পৰিগণিত হয় অভিজ্ঞ পেচাৰ মহম্মদ ছামি।

সাতটাকৈ উইকেট দখলেৰে কিৱি বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন ধূলিসাৎ কৰি ছামিয়ে দিয়ে দেশক আকাংক্ষিত বিজয়। এই দুৰন্ত প্ৰদৰ্শনৰ সুবাদত ছামি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱাৰ লগতে ক্ৰিকেট বিশ্বৰ প্ৰশংসা লাভ কৰে।

ছামিৰ এই প্ৰদৰ্শনৰ চৰ্চা সৰ্বত্ৰ চলি থকাৰ সময়তে চৰ্চাৰ কেন্দ্ৰলৈ আহিছে আন এক ব্যক্তি। ছ’চিয়েল মিডিয়াত মেচৰ এদিন পূৰ্বে তেওঁ এক টুইট কৰিছিল। এই টুইটটোত ব্যক্তিজনৰ দাবী, সপোনত তেওঁ ছামিৰ সাত উইকেটৰ স্পেল দেখা পাইছিল।

টুইটাৰত দিয়া তেওঁৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। ব্যক্তিজনৰ নাম ডন মেটিঅ’। ১৪ নৱেম্বৰত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, “এটা সপোন দেখিলো, য’ত শ্বামীয়ে ছেমি ফাইনেলত ৭টা উইকেট দখল কৰিছে।”

 

পোষ্টটোৱে মেচৰ সময়লৈকে বিশেষ চৰ্চা লাভ কৰা নাছিল যদিও ছামিৰ অভিলেখ সৃষ্টিকাৰী উজ্জীৱিত স্পেল আৰু কিৱি বাহিনীৰ বিপক্ষে ভাৰতৰ দৰ্শনীয় জয়ৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত এই বিষয়ে চৰ্চা আৰম্ভ কৰে।

এই পোষ্টটোত এতিয়া ভিৰ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে। ক্ৰিকেট অনুৰাগীৰ পোষ্টটোৰ তলত কমেণ্ট বক্সত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে কোনোৱে আকৌ মেটিঅ’ক ১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ বাবেও একেধৰণৰ ভৱিষ্যদ্বাণী কৰিবলৈ আহ্বান জনাইছে।

আন কোনোৱে আকৌ মেটিঅ’ক গভীৰ টোপনিত নিমজ্জিত হ’বলৈ আহ্বান জনাই তেওঁলোকৰ ভৱিষ্যতৰ সপোন দেখিবলৈও খাটনি ধৰিছে। এনে ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে মেটিঅ’ৱে আন এক টুইট যোগে এই আচৰিত সংযোগৰ বাবে নিজেও স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰিছে।