NORTHEAST NOW (Assamese)
দেশ

পিতৃয়ে দিয়া নাছিল মোবাইল গেম খেলিবলৈ: ক্ষোভতে চৰম সিদ্ধান্ত কিশোৰ পুত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2023 8:33 pm
Teen suicide Mobile Games

মোবাইল গেমৰ নিচা কেনে ভয়ংকৰ উঠিব পাৰে, তাৰ এক জলন্ত উদাহৰণ হৈ পৰিছে মুম্বাইৰ এক ঘটনা। পিতৃয়ে মোবাইল হেণ্ডছেটত গেম খেলিবলৈ বাধা দিয়াৰ বাবেই এগৰাকী কিশোৰে কৰিছে আত্মহত্যা।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মুম্বাইৰ মালাদ মালৱানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

গেম খেলিবলৈ মোবাইল নোপোৱাৰ বাবেই নিজ বাসগৃহত আত্মহত্যা কৰিছে ১৬ বৰ্ষীয় কিশোৰটিয়ে।

কিশোৰটিৰ পিতৃয়ে আৰক্ষীক জানিবলৈ দিয়ে মতে, তেওঁৰ পুত্ৰ মোবাইল গেমৰ প্ৰতি অত্যন্ত আসক্ত আছিল।

নিজৰ মোবাইল হেণ্ডছেটত গভীৰ নিশালৈকে গেম খেলিছিল কিশোৰটিয়ে।

নিশা প্ৰায় ১১.৩০ বজাত শিশুটিয়ে মোবাইল গেম খেলি থকাৰ সময়তে দেউতাকে তেওঁৰ ফোনটো কাঢ়ি লৈ শুবলৈ কয়।

ইয়াতে ক্ষোভিত হৈ কিশোৰটিয়ে মোবাইল গেম খেলিবলৈ নিদিলে নিজৰে ক্ষতি কৰাৰ ভাবুকি দিছিল।

পিছদিনা পুৱা পিতৃয়ে বিচনাৰ পৰা উঠি আহি পুত্ৰক কোঠাৰ ভিতৰত ডিঙিত চিপজৰী লগা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

কিশোৰটিক তেওঁ লগেলগে ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।