NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকিটাৰমননৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2023 9:43 pm
S Venkitaramanan RBI

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকিটাৰমননৰ আজি মৃত্যু হয়। বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে তেখেতৰ মৃত্যু হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

ৰিজাৰ্ভ বেংকৰ ১৮ তম গৱৰ্ণৰ হিচাপে নিযুক্তিপ্ৰাপ্ত ভেংকিটাৰমননে ১৯৯০ চনৰ ডিচেম্বৰৰ পৰা ১৯৯২ চনৰ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ বিত্ত সচিব আৰু পিছলৈ কৰ্ণাটক চৰকাৰৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আৰ বি আইৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকাল গ্ৰহণৰ সময়ত দেশত বহিঃখণ্ডৰ সৈতে জড়িত অৰ্থনৈতিক অসুবিধাৰ সন্মুখীন হৈছিল।

বিদেশী মুদ্ৰা সংগ্ৰহৰ বাবে অন্যান্য কেন্দ্ৰীয় বেংক আৰু বহুপাক্ষিক প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সংকট পৰিচালনা কৰা তেওঁৰ বাবে তাৎক্ষণিক প্ৰত্যাহ্বান আছিল।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ স্থিতিশীলতা কাৰ্যসূচীৰ অংশ হিচাপে বিমুদ্ৰাকৰণকে ধৰি অৰ্থনৈতিক সংস্কাৰ ৰূপায়ণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত প্ৰকাশ কৰিছে।

ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ভেংকিটাৰমননৰ মৃত্যুত শোক প্ৰকাশ কৰি দেশৰ সংকটৰ সময়ছোৱাত তেওঁৰ অপৰিসীম অৱদানক স্মৰণ কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশেও ভেংকিটাৰমননৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদানৰ কথাও স্মৰণ কৰে।