NORTHEAST NOW (Assamese)
Popular Stories

ICC World Cup 2023: দ্ৰাবিড়ৰ প্ৰশংসা! ৰোহিতে ক’লে ‘মই তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2023 7:54 am

ভূমিকা সলনি হৈছে, কিন্তু তেওঁৰ আবেগ? বিশ বছৰৰ পাছতো সেই আৱেগ আগৰ দৰেই আছে। ২০০৩ চনত তেওঁ ভাৰতীয় দলৰ সৈতে জড়িত হৈ পৰিছিল। এতিয়াও আছে। ৰাহুল দ্ৰাবিড়ৰ কথাই কোৱা হৈছে। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ক্ৰিকেটাৰ হিচাপে খেলিছিল। ২০২৩ বিশ্বকাপত তেওঁ আছে গুৰুৰ দায়িত্বত।

কেতিয়াবা ৰাহুল হয়তো বিশ বছৰ আগলৈ উভতি গৈছে। গতিকে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পপিং ক্ৰীজত থিয় হৈ দ্ৰাবিড়ে কিছু ছেডো প্ৰেক্টিছ  কৰিলে। কেতিয়াবা বেটখন তুলি বাওঁহাতেৰে ষ্টেন্সত নকিং-ও কৰিল। ২০০৩ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে যি কামত ব্যৰ্থ হৈছিল, সেই কামটোৱে এইবাৰ কৰি দেখুওৱাৰ প্ৰত্যাহ্বান মেন ইন ব্লুৰ।

শনিবাৰে বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সংবাদমেলত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ মুখত শুনা গ’ল ‘দ্ৰাৱিড়ৰ-প্ৰশংসা’।

ৰাহুল দ্ৰাবিড় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক। ভাৰতীয় দলৰ সদস্যসকলে গুৰু দ্ৰাবিড়ৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰি আছে। বাহিৰৰ পৰা ভাৰতীয় দলটোলৈ চালে এনে লাগিব যেন আঙুলি তুলিবলৈ কোনো সুৰুঙা নাই। কিন্তু, ফাইনেলৰ পূৰ্বে ৰোহিতে প্ৰশিক্ষক দ্ৰাবিড়ৰ বিষয়ে কেইবাটাও কথা ক’লে।

হিটমেন ৰোহিতে কয়, ‘’ভাৰতীয় দলত ৰাহুল দ্ৰাবিড়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিছুমান ক্ষেত্ৰত তেওঁ মোৰ সিদ্ধান্তত সুখী নহয়। আৰু সেয়া স্বাভাৱিক। ৰাহুল ভাইয়ে ক্ৰিকেট খেলাৰ সময় এতিয়াৰ তুলনাত নিশ্চয় বেলেগ হ’ব। সকলো কথাতে মতানৈক্য হোৱাটো স্বাভাৱিক। কিন্তু ৰাহুল ভাইয়ে মোক সম্পূৰ্ণ স্বাধীনতা দিছে। খেলুৱৈসকলক নিজৰ ইচ্ছামতে খেলাৰ স্বাধীনতাও দিয়া হৈছে। এইটো ডাঙৰ কথা।‘’

২২ গজে প্ৰতিদিনে নতুন কাহিনী লিখে। দলৰ প্ৰতিজন খেলুৱৈয়ে হয়তো প্ৰতিদিনে ভাল খেলিব নোৱাৰিবও পাৰে। অধিনায়ক আৰু প্ৰশিক্ষকৰ অন্যতম দায়িত্ব হ’ল কঠিন সময়ত ক্ৰিকেটাৰসকলৰ কাষত থিয় দিয়া। খেলুৱৈ হিচাপে দ্ৰাবিড়ে যি নাপালে, টীম ইণ্ডিয়াই তেওঁক প্ৰশিক্ষক হিচাপে দিব বিচাৰিছে।

এই প্ৰসংগত ৰোহিতে কয়, ‘’ৰাহুল ভাইয়ে সদায় কঠিন সময়ত খেলুৱৈৰ কাষত থিয় দি আহিছে। বিশেষকৈ যোৱা টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত, আমাক বহু কথাই ক’লে। তাৰ পাছত ৰাহুল ভাইয়ে দলৰ সকলোকে আত্মবিশ্বাস দিলে। গতিকে আমি তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো।‘’