NORTHEAST NOW (Assamese)
Popular Stories

ফাইনেলত পৰাজয়ৰ পিছত আৱেগৰ চকুপানী ঢাকি ৰোহিত ক’লে দলটোক লৈ গৰ্বিত; নেদেখুৱালে কোনো অজুহাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2023 8:57 am

সমগ্ৰ বিশ্বকাপত অপ্ৰতিৰোধ্য হৈ থাকি ভাৰতে ফাইনেলত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’ল, আৰু তাতেই শেষ। ঘৰৰ মাটিত বিৰাট কোহলী-ৰোহিত শৰ্মাক কন্দুৱাই অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে এদিনীয়াত বিশ্ব চেম্পিয়ন হ’ল।

আৰম্ভণিতে বেটিং কৰি ২৪০ ৰাণত অল আউট হৈছিল সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰ্দান্ত বেটিং কৰা ভাৰতে। এই ৰান অনুসৰণ কৰি অষ্ট্ৰেলিয়াই ৪২টা বল বাকী থকা অৱস্থাতে ৬ উইকেট খেলখনত জয়ী হয়।

খেলৰ শেষত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই অৱশ্যে কোনো অজুহাত দেখুৱাবলৈ সন্মত নহ’ল। তেওঁ স্পষ্টকৈ কয় যে তেওঁ দলটোক লৈ গৌৰৱান্বিত।

ৰোহিতে মডাৰেটৰ ৰবি শাস্ত্ৰীক কয়, ‘’আমি জানো যে আমি ভাল খেলিব পৰা নাছিলো। কিন্তু প্ৰথম মেচৰ পৰাই যিদৰে খেলিছিলো তাক লৈ গৰ্বিত। আজি আমাৰ দিন নাছিল। আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। কিন্তু যি বিচাৰিছিলো সেয়া নহ’ল।‘’

প্ৰথমে বেটিং কৰি এই মেচখন কেনেকৈ জয়ী হব পৰা গ’লহেঁতেন? ৰোহিতে ইয়াৰ উত্তৰত কয় যে যদি আৰু ২০-৩০ ৰান হোৱাহেঁতেন, তেন্তে হয়তো মেচখনৰ ফলাফল বেলেগ হ’লহেঁতেন। ২৫-৩০ অভাৰৰ ভিতৰত যেতিয়া কোহলী-ৰাহুলে বেটিং কৰি আছিল, তেতিয়া মই ভাবিছিলো যে এটা ডাঙৰ যুটী গঢ়িব। যিমান পাৰি বেটিং কৰি যাবলৈ কৈছিলো। সেই মুহূৰ্তত ভাবিছিলো ২৭৫-২৮০ ৰান উঠিব। ইয়াৰ পিছত এটাৰ পিছত এটা উইকেট হেৰুৱাই থাকিলোঁ। দীঘলীয়া যুটী হৈ থকা নাছিল। অষ্ট্ৰেলিয়াই ঠিক তেনেকুৱাই কৰিলে। দীঘলীয়া যুটী বান্ধি মেচখনত জয়লাভ কৰে।