NORTHEAST NOW (Assamese)
Popular Stories

শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাজয়! স্বপ্নভংগৰ পিছত টীম ইণ্ডিয়াক কি বাৰ্তা কিংবদন্তি ক্ৰিকেটাৰৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2023 9:58 am

বহুত ভাল দলৰ বিৰুদ্ধে তোমালোক পৰাস্ত হৈছা। গতিকে ইমান লজ্জিত হোৱাৰ প্ৰয়োজন নাই। ১২ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত বিশ্বকাপৰ পৰা বঞ্চিত ভাৰতীয় দলটোক এই বাৰ্তা দিছে কিংবদন্তি সুনীল গাভাস্কাৰে। আন এগৰাকী বিশ্বকাপ বিজয়ী যুৱৰাজ সিঙে কয় যে সমগ্ৰ দেশৰ জনসাধাৰণক একত্ৰিত কৰাৰ বাবে মেন ইন ব্লুক অভিনন্দন জনোৱা উচিত। বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পাছত শচীন টেণ্ডুলকাৰেও খেলপথাৰলৈ আহি ৰোহিত শৰ্মাৰ দলটোক সান্ত্বনা দিয়ে।

বিশ্বকাপত একেৰাহে ১০খন খেলত জয়লাভ কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন খেলত ৰোহিত বাহিনী সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। ঘৰুৱা খেলপথাৰত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয় কৰে।

ইয়াৰ পিছতে অধিনায়ক ৰোহিত শৰ্মাকে ধৰি সমগ্ৰ ভাৰতীয় দলটোৱে কান্দোনত ভাগি পৰা দেখা যায়। সেই সময়ত দৰ্শকৰ আসনৰ পৰা  খেলপথাৰলৈ নামি আহিছিল শচীন তেণ্ডুলকাৰ। ভাগি পৰা বিৰাট কোহলীহঁতক তেওঁ সান্ত্বনা দিয়ে। ২০০৩ চনত ক্ৰিকেটৰ ভগৱানে নিজেও এই একে অভিজ্ঞতা লাভ কৰিছিল। কিন্তু ২০১১ চনত তেওঁ লাভ কৰিছিল বিশ্বকাপ জয়ৰ সোৱাদ।

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো ভাৰতে গৌৰৱ কৰা উচিত বুলি অনুভৱ কৰিছে বিশ্বকাপ বিজয়ী সুনীল গাভাস্কাৰে। মেচৰ শেষত লিটিল মাষ্টৰে কয়, “অৱশ্যেই বৰ বেয়া লাগিছে। কিন্তু এই ভাৰতীয় দলটোক লৈ আমি গৌৰৱ কৰা উচিত। তেওঁলোকে দুৰ্দান্ত ক্ৰিকেট খেলিছে। কথাবোৰ সদায় আমাৰ সপক্ষে নাযায়। কিন্তু দলটোক লৈ মই গৌৰৱান্বিত। শক্তিশালী দলৰ বিৰুদ্ধে পৰাস্ত হ’লে কোনো লাজ নাই। আজি অষ্ট্ৰেলিয়াই ভাৰততকৈ বহুত ভাল খেলিলে।”

আনহাতে, যুৱৰাজ সিঙৰ বাৰ্তা হৈছে যে ৰোহিত বাহিনীয়ে হাৰিলেও শিৰ উন্নত কৰি ৰাখিব লাগে। ২০১১ চনৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীয়ে টুইট কৰি কয় যে, ‘’সমগ্ৰ বিশ্বকাপত টীম ইণ্ডিয়াই অসাধাৰণ খেল প্ৰদৰ্শন কৰিছে। ফাইনেলত জয়ী নহ’লেও প্ৰতিযোগিতাখনত তোমালোকে এক সুন্দৰ মুহূৰ্ত উপহাৰ দিছা। সমগ্ৰ দেশখনক একেলগে বান্ধি ৰাখিছা। গতিকে মূৰ ওপৰলৈ তুলি ৰাখা।”