NORTHEAST NOW (Assamese)
অসম

কুলাংগাৰ!  মদ খাই বৃদ্ধ পিতৃক কুঠাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষণ্ড পুত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 3:26 pm

শিৱসাগৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা।

সোমবাৰে শিৱসাগৰত এজন পুত্ৰই মদ্যপান কৰি নিচাত মাতাল হৈ নিজ পিতৃক কুঠাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। 

সূত্ৰ অনুসৰি জিতেন গাৰো নামৰ অভিযুক্ত পুত্ৰৰ পিতৃৰ সৈতে এটা সৰু বিষয়ক লৈ তীব্ৰ কাজিয়া হৈছিল।

মদ্যপান কৰাৰ বাবে পুত্ৰই আক্ৰমণাত্মকভাৱে পিতৃক কুঠাৰেৰে আক্ৰমণ কৰে, যাৰ ফলত পিতৃৰ মৃত্যু হয়।

সোণাৰিৰ কাকতিবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। 

ঘটনাৰ পিছতেই জিতেন গাৰোক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছে আৰক্ষীয়ে।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।