NORTHEAST NOW (Assamese)
দেশ

আৰৱ সাগৰত পাকিস্তানী নাও জব্দ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ: ১৩ জনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2023 8:41 pm
Coast Guard Seizes Pak Fishing Boat

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ অৰিঞ্জয়ে মঙলবাৰে আৰব সাগৰত জব্দ কৰে নাজ-ৰে-কৰম নামৰ এখন পাকিস্তানী মাছ ধৰা নাও।

নাওখনত থকা ১৩ জন ক্ৰু সদস্যকো আটক কৰে উপকূলৰক্ষী বাহিনীয়ে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, জব্দ কৰা নাওখনক তদন্তৰ বাবে পিছত অখা বন্দৰলৈ লৈ যোৱা হয়।

প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে, উপকূলৰক্ষী বাহিনীৰ জাহাজ অৰিঞ্জয়ে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ ওচৰত ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত নাওখন পৰ্যবেক্ষণ কৰিছিল।

নাওখন ৰাখিবলৈ চেষ্টা কৰাৰ পিছত নাওখন পাকিস্তান অভিমুখে পলায়নৰ চেষ্টা কৰে। কিন্তু অৰিঞ্জয়ে নাওখনক বাধা দি ভাৰতৰ জলসীমাত ৰ’বলৈ বাধ্য কৰে।

 

যোৱা ১৯ নৱেম্বৰত কৰাচীৰ পৰা নাজ-ৰে-কৰম নামৰ এই নাওখনে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।