NORTHEAST NOW (Assamese)
দেশ

সুৰংগৰ যন্ত্ৰণাকাতৰ সময়ত ‘চোৰ-পুলিচ’, ‘ৰামি’য়েই মানসিক চাপ প্ৰতিহতৰ উপায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 11:12 am
Uttarkashi Tunnel Rescue

উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অব্যাহত থকা অভিযান প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। ১২ দিনীয়া যন্ত্ৰণাকাতৰ পৰিস্থিতিৰ অন্তত কিছু সময়ৰ পিছতে শ্ৰমিকসকল মুকলি আকাশৰ তললৈ আহিব।

ইয়াৰ মাজতে জানিব পৰা গৈছে এক বিশেষ কথা। সূত্ৰ অনুসৰি সুৰংগৰ ভিতৰত কটোৱা এই যন্ত্ৰণাদায়ক সময়ত শ্ৰমিকসকলে যন্ত্ৰণা সামৰি ৰাখিবলৈ বিচাৰি পাইছিল জীৱনৰ এক অদ্ভুত ছন্দ।

‘চোৰ-পুলিচ’ খেলৰ পৰা আৰম্ভ কৰি তিনপট্টি-ৰামিলৈকে, এই খেলসমূহৰ মাজতে শ্ৰমিকসকলে জীৱনৰ এই কঠিন সময়ছোৱাত বিনোদনৰ আধাৰ গঢ়ি তুলিছিল। উদ্ধাৰ অভিযানৰ তদাৰকী এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই কথা।

দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকাৰ সময়ত শ্ৰমিকসকলৰ মাজত গঢ়ি উঠা মানসিক চাপ প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই খেলসমূহ এক উত্তম উপায় হিচাপে বিবেচিত হৈছে বুলি ঘটনাস্থলীত থকা চিকিৎসা বিশেষজ্ঞসকলেও মত পোষণ কৰিছে।

কৰ্তৃপক্ষই আৱদ্ধ শ্ৰমিকসকলক কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়েই নহয়, এই খেলসমূহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰা হৈছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১২ নৱেম্বৰৰ পৰা সুৰঙ্গত আৱদ্ধ হৈ আছে এই ৪১ জন শ্ৰমিক। শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হোৱা বুলি শেহতীয়াকৈ কৰ্তৃপক্ষই সদৰী কৰিছে।

সুৰংগটোৰ বাহিৰত ইতিমধ্যে ৪১খন এম্বুলেন্স মোতায়েন কৰা হৈছে। শ্ৰমিকসকলক উদ্ধাৰৰ পিছতে চিনিয়ালিছৌৰত স্থাপন কৰা অস্থায়ী চিকিৎসালয়লৈ লৈ যোৱা হ’ব আৰু শ্ৰমিকসকলে চিকিৎসা পৰীক্ষাৰ ভালদৰে সম্পন্ন কৰা হ’ব।