NORTHEAST NOW (Assamese)
ক্ৰীড়া

চুক্তি বৃদ্ধিৰ বাবে আগ্ৰহী নহয় দ্ৰাবিড়: মুখ্য প্ৰশিক্ষক পদত স্থায়ী হ’ব পাৰে লক্ষ্মণ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 12:15 pm
Rahul Dravid VVS Laxman

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দুবছৰীয়া চুক্তি অন্ত পৰিল ৰাহুল দ্ৰাবিড়ৰ। প্ৰশিক্ষক হিচাপে মিশ্ৰিত সাফল্য লাভ কৰা দ্ৰাবিড়ে চুক্তি বৃদ্ধি কৰি পুনৰ দায়িত্ব গ্ৰহণৰ বাবে আগ্ৰহী নহয় বাবে জানিব পৰা গৈছে।

দ্ৰাবিড়ৰ এই স্থিতিৰ পিছত বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভিভিএছ লক্ষ্মণে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি, যোৱা সপ্তাহত এদিনীয়া বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে চুক্তি সমাপ্ত হোৱা দ্ৰাবিড়ে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ দায়িত্ব নোলোৱাৰ সিদ্ধান্ত লৈছে।

স্মৰ্তব্য যে, ২০২১ চনত সেই সময়ত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দ্ৰাবিড়ক ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল।

দ্ৰাবিড়ৰ তত্বাৱধানত ভাৰতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে যদিও দুয়োবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ ৰাণাৰ্চ আপতে সন্তুষ্ট থাকে।

আনহাতে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে। অৱশ্যে দ্ৰাবিড়ৰ তত্বাৱধানতে ভাৰতে এই বৰ্ষত এছিয়া কাপত জয়লাভ কৰিছিল।

ইফালে আজিৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে লক্ষ্মণক তদাৰকী মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বেও কেইবাটাও শৃংখলাত লক্ষ্মণে অস্থায়ীভাৱে এই দায়িত্ব পালন কৰিছিল।