NORTHEAST NOW (Assamese)
Popular Stories

নিজকে শ্ৰেষ্ঠ বুলি ভাবে কিছু পাকিস্তানী খেলুৱৈয়ে! মন্তব্য মহম্মদ ছামিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 1:20 pm
Mohammed Shami

সদ্যসমাপ্ত ক্ৰিকেট বিশ্বকাপত দুৰন্ত প্ৰদৰ্শনেৰে মাত্ৰ ৭খন খেলতে ২৪ টা উইকেট লাভ কৰি সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় ভাৰতৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামি। ভাৰতীয় দলক বলৰ ফাইনেলত উপনীত কৰাত ছামিয়ে লৈছিল অন্যতম ভূমিকা।

এই সাফল্যৰ আধাৰত ক্ৰিকেট বিশ্বত উচ্চ প্ৰশংসিত হৈছে তাৰকাগৰাকী। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবেও ছামি হৈ পৰিছিল নয়নৰ মণি। কিন্তু বিশ্বকাপ চলি থকাৰ সময়তে ছামিকে ধৰি ভাৰতীয় বলাৰৰ সফলতাত সন্দেহ প্ৰকাশ কৰি বিতৰ্কৰ সূচনা কৰিছিল পাকিস্তানৰ এগৰাকী প্ৰাক্তন খেলুৱৈয়ে।

দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰ হাছান ৰাজাই ভাৰতীয় দলৰ বিৰুদ্ধে অনৈতিক পথ গ্ৰহণৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। ৰাজাৰ অভিযোগ, বিপক্ষ দলৰ তুলনাত ছামি আৰু ভাৰতীয় বলাৰক বেলেগ বল দিয়া হৈছিল।

এই অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। আনকি পাকিস্তানৰে প্ৰাক্তন তাৰকা তথা কিংবদন্তি পেচাৰ ৱাছিম আক্ৰামে কটাক্ষ কৰিছিল হাছান ৰাজাক। অভিযোগ সন্দৰ্ভত ইতিপূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মহম্মদ ছামিয়ে। এনে আজৱ কথা বতৰা নক’বলৈ পৰামৰ্শ দিছিল তাৰকাগৰাকীয়ে।

এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছামিয়ে। এক অনুষ্ঠানত ছামিয়ে হাছান ৰাজাৰ এই অভিযোগ সন্দৰ্ভত মন্তব্য কৰি ছামিয়ে পাকিস্তানৰ কিছু লোকে তেওঁৰ সফলতা সহ্য কৰিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে কিছু পাকিস্তানী খেলুৱৈয়ে নিজকে শ্ৰেষ্ঠ হিচাপে ভাবে বুলিও কটাক্ষ কৰে।

অনুষ্ঠানটোত ছামিয়ে লগতে কয় যে তেওঁ কাৰো প্ৰতি ঈৰ্ষা নকৰে, বৰঞ্চ ভগৱানৰ ওচৰত তেওঁৰ দৰে প্ৰদৰ্শন কৰা আন দহজন বলাৰৰ বাবেহে প্ৰাৰ্থনা কৰে। লগতে আনৰ সফলতা উপভোগ কৰিবলৈ আৰম্ভ কৰিলেহে নিজেও এজন ভাল খেলুৱৈ হ’ব পাৰে বুলি মন্তব্য কৰে ছামিয়ে।

“যোৱা দুদিনমানৰ পৰা মই বহু কথা শুনি আছিলো। পাকিস্তানৰ কিছু খেলুৱৈয়ে মোৰ সফলতা সহ্য কৰিব নোৱাৰিলে। প্ৰকৃততে তেওঁলোকে নিজকে শ্ৰেষ্ঠ বুলি ভাবে। মোৰ মতে সময়মতে প্ৰদৰ্শন কৰা খেলুৱৈয়েই শ্ৰেষ্ঠ।”— মহম্মদ ছামিয়ে লগতে কয়।

ছামিয়ে লগতে হাছান ৰাজাৰ দৰে প্ৰাক্তন খেলুৱৈয়ে পৃথক বল ব্যৱহাৰ কৰাক লৈ এনে অৰ্থহীন মন্তব্য কৰাটো বিভ্ৰান্তিকৰ বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।খেলৰ সৈতে জড়িত নথকা কোনো লোকে এনেধৰণৰ মন্তব্য কৰিলে আচৰিত হ’বলগীয়া নাছিল বুলি ছামিয়ে কৰে।

আনকি পাকিস্তানৰে প্ৰাক্তন তাৰকা তথা ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বলাৰ ৱাছিম আক্ৰমেও বল নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো বুজাই দিছে বুলি আঙুলিয়াই দিয়ে ছামিয়ে।