NORTHEAST NOW (Assamese)
অসম

বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিয়াৰ কুচকাৱাজৰ বিৰোধিতাত ১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ

Posted by: নংনী তেৰাং Updated by: নংনী তেৰাং November 25, 2018 9:23 pm
KSA-president-750x375

কাৰ্বি পাৰ্বাত্য জিলাকেইখনত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিবলৈ ওলোৱাৰ প্ৰতিবাদত ২৬ নৱেম্বৰ, অৰ্থাৎ কাইলৈ কেইবাটাও সংগঠনে ১২ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান জনাইছে।

কাৰ্বি ছাত্ৰ সন্থাৰ(কে এছ এ) ছিমিয়ন ৰংফাৰ নেতৃত্বৰ গোটে কাৰ্বি আংলঙৰ অন্যান্য ১৫টা সংগঠনৰ সৈতে লগ লাগি এই বন্ধৰ আহ্বান জনাইছে।

“আমি বড়োলেণ্ড চুক্তিৰ বিৰোধিতা কৰা নাই। বড়োসকলে তেওঁলোকৰ ঠাইৰ উন্নতি কৰিবলৈ চেষ্টা কৰি আছে। সেইটোত আমি আনন্দিত। তেওঁলোকে এইটো বুজা উচিত যে আমি তেওঁলোকৰ বিৰুদ্ধে নহয়।” ছিমিয়ন ৰংফাই কয়।

তেওঁ মুখ্য মন্ত্ৰী সোণোৱালৰ আশ্বাসৰ কথা উনুকিয়াই কয়, “যেতিয়া আমি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিষয়টো অৱগত কৰিবলৈ লগ কৰো, তেতিয়া তেৱোঁ আনকি বড়োসকলক জনজাতি (পাৰ্বত্য)ৰ মৰ্য্যাদা দিয়াটোৱে গোটেই পাহাৰীয়া জিলাকেইখনৰ পৰিৱেশ অস্থিৰ কৰিব বুলি স্বাকীৰ কৰিছিল।”

ছিমিয়ন ৰংফাৰ নেতৃত্বৰ কাৰ্বি ছাত্ৰ সন্থাৰ উপৰি বন্ধৰ আহ্বান জনোৱা সংগঠনৰ ভিতৰত আছে কাৰ্বি আংলং ৱ’মেন জাষ্টিচ ফ’ৰাম, ষ্টুডেণ্টছ য়ুথ কাউন্সিল, হিলছ প্ৰগ্ৰেছিভ য়ুথ এছ’চিয়েশ্যন, অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্টছ য়ুনিয়ন আদি।

সংবাদ মাধ্যমৰ আগত ৰংফাই কয়, “মই সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছো, বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বড়োলেণ্ড চুক্তিৰ ৮ নং দফাৰ ২৪৪(এ) অনুচ্ছেদটো বাতিল কৰক।”

ইয়াৰোপৰি সময়ত কোনো অপ্ৰীতিকৰ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ বন্ধৰ আহ্বানকাৰী অন্যতম সংগঠন কাৰ্বি ছাত্ৰ সন্থা (ছিমিয়ন)ৰ সভাপতি ছিমিয়ন ৰংফাই আহ্বান জনাইছে। বন্ধৰ সময়ছোৱাত পৰীক্ষাকে ধৰি, চিকিৎসা, পানী যোগান আদি অত্যাৱশকীয় সেৱাসমূহক ৰেহাই দিয়া হৈছে।