NORTHEAST NOW (Assamese)
অসম

ভেন্সাৰ শিক্ষকক পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব নল’বলৈ আহ্বান অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

Posted by: পুলেন্দ্ৰ দাস November 25, 2018 10:04 pm
Barpeta

সমাগত পঞ্চায়ত নিৰ্বাচনত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক নিৰ্বাচনী কামত খটুৱাব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক এটা ফুটা কড়ি দিবলৈ সক্ষম নোহোৱা বৰ্তমানৰ চৰকাৰখনে কি যুক্তিত এই শিক্ষকসকলক নিৰ্বাচনৰ কামত খটুৱাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই ৷

যিখন চৰকাৰে দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইখন চৰকাৰে ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক নিৰ্বাচনী কামত খটুওৱাটো চূড়ান্ত অন্যায় বুলি উল্লেখ কৰি প্ৰাঞ্জল কুমাৰ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ কামৰ দায়িত্ব দিয়া ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক নিৰ্বাচনী দায়িত্বৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনায়।

আজি বৰপেটাৰ দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ঐক্যমঞ্চৰ নামনি ভিত্তিত সভাখনত সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নিৰ্বাচনী আয়োগৰ প্ৰতি ভেন্সাৰ শিক্ষকসকলে সন্মান জনাই নিৰ্বাচনী বিষয়াক লিখিত ভাবে জনাই নিৰ্বাচনী দায়িত্বৰ পৰা আঁতৰি আহিবলৈও তেওঁ আহ্বান জনায় ৷