NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : নগাঁৱৰ বেবেজীয়াত অগপ কাৰ্য্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ

Posted by: মিণ্টু দাস November 25, 2018 10:20 pm
Nagaon AGP office

সমাগত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে নগাঁও জিলাৰ বেবেজীয়া জামুগুৰিত ১০ নং হাতীচোং জিলা পৰিষদৰ অগপৰ নিৰ্বাচনী মূখ্য কাৰ্যালয়ত যোৱা দুদিন ধৰি কোনো দুৰ্বৃত্তৰ দলে তাণ্ডৱ চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বটদ্ৰৱা সমষ্টিৰ অসম গণ পৰিষদৰৰ ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্য অৱন্তী দেৱীৰ নিৰ্বাচনৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা দুৰ্বৃত্তই তাণ্ডৱ চলাই বেনাৰ, পোষ্টাৰ, চকী-মেজ আদি ভাঙি লণ্ডভণ্ড কৰে।

অগপৰ প্ৰাৰ্থীসকলৰ উত্থানক কেন্দ্ৰ কৰি বিৰোধী দলসমুহ সংকিত হৈ পৰি এনে দুষ্কাৰ্য্য সম্পন্ন কৰিছে বুলি জিলা পৰিষদৰ একাংশ সদস্যই মন্তব্য কৰিছে।

ঘটনা সন্দৰ্ভত অগপৰ হাতীচোং জিলা পৰিষদৰ কৰ্মীসকলে জাজৰি আৰক্ষীক এজাহাৰ দাখিল কৰে। তদুপৰি বটদ্ৰৱাৰ অগপ কেন্দ্ৰীয় মহিলা সমিতিৰ সভাপতি মামনি বৰাই উক্ত ঘটনাক তীব্ৰ ভাৱে গৰিহনা দিয়ে।