NORTHEAST NOW (Assamese)
অসম

উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কাৰ্যত কেপ্তেইন ডিস্ক; কোন তেওঁ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 9:32 am

উত্তৰকাশীৰ নিৰ্মীয়মান ছিলকিয়াৰা সুৰংগত এতিয়াও আৱদ্ধ হৈ আছে শ্ৰমিকসকল। যুদ্ধকালীনভাৱে অতি পৰিকল্পিতভাৱে উদ্ধাৰ অভিযান চলোৱা হৈছে। সুৰংগৰ অন্ধকাৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে যোগাযোগৰ পৰা আৰম্ভ কৰি তেওঁলোকক উলিয়াই অনাৰ উপায় বিচাৰি উলিওৱালৈকে সকলো কামেই চলি আছে এজন বিশেষজ্ঞৰ নিৰ্দেশনাত। তেওঁৰ নাম আৰ্নল্ড ডিক্স (Professor Arnold Dix)। ভূগৰ্ভস্থ সুৰংগ বিশেষজ্ঞগৰাকী অষ্ট্ৰেলিয়াৰ বাসিন্দা।

উত্তৰাখণ্ডৰ উত্তৰকাশীত ১৩ দিনৰ বাবে আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান। ONGC, SJVNL, RVNL, NHIDCL আৰু THDCL-ক এই দায়িত্ব দিয়া হৈছে। অষ্ট্ৰেলিয়াস্থিত ইন্টাৰনেশ্যনেল টানেলিং এণ্ড আণ্ডাৰগ্ৰাউণ্ড স্পেচ এছ’চিয়েশ্যনৰ প্ৰেছিডেন্ট আৰ্নল্ড ডিক্সো তেওঁলোকৰ সৈতে আছে।

অধ্যাপক আৰ্নল্ড ডিক্স ভূগৰ্ভস্থ পৰিবহণ আন্তঃগাঁথনিৰ বিশেষজ্ঞ। নিৰ্মাণৰ বিপদৰ পৰা আৰম্ভ কৰি কাৰিকৰী বিষয়তো তেওঁ দক্ষ। এই সকলোবোৰ বিষয়ত তেওঁ পৰামৰ্শ দিয়ে আৰু ভূগৰ্ভস্থ সুৰংগ নিৰ্মাণৰ বিশ্বৰ শ্ৰেষ্ঠ বিশেষজ্ঞ হিচাপে পৰিচিত।

উত্তৰকাশীৰ সুৰংগৰ পৰা শ্ৰমিক উদ্ধাৰ অভিযানত অধ্যাপক আৰ্নল্ড ডিক্স। ফটোঃ সংগ্ৰহীত।

অধ্যাপক আৰ্নল্ড ডিক্সে ২০১১ চনত এলান নেইলেণ্ড অষ্ট্ৰেলিয়ান টানেলিং ছ’চাইটিৰ দ্বিবাৰ্ষিক বঁটা লাভ কৰে। আৰ্নল্ড ডিক্স এগৰাকী অধিবক্তাও, ব্ৰিটিছ ইনষ্টিটিউট অৱ ইনভেষ্টিগেটৰ্ছৰ সদস্য। সকলো দেশতে তেওঁ সক্ৰিয়।

ডিক্স কেইবাখনো দেশৰ চেম্বাৰ অৱ আণ্ডাৰগ্ৰাউণ্ড ৱৰ্কছৰ সদস্য আৰু টকিঅ’ চিটি ইউনিভাৰ্চিটিৰ অভিযান্ত্ৰিকৰ অতিথি অধ্যাপক। তেওঁৰ তিনিটা দশকৰ কেৰিয়াৰত অভিযান্ত্ৰিক, ভূতত্ত্ব, আইন আৰু বিপদ ব্যৱস্থাপনা (টানেল)বিষয়ৰ এক অনন্য মিশ্ৰণ দেখা যায়।

শেহতীয়াকৈ ২০২২ চনত নেশ্যনেল ফায়াৰ প্ৰটেকচন এছ’চিয়েশ্যন অৱ আমেৰিকাৰ পৰাও তেওঁক কমিটি চাৰ্ভিচ এৱাৰ্ড প্ৰদান কৰা হৈছে। উল্লেখ্য যে আৰ্নল্ড ডিক্স ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ছিলকিয়াৰা সুৰংগ পৰিদৰ্শন কৰিবলৈ গৈছে। উদ্ধাৰ অভিযানৰ লগত জড়িত সংগঠনসমূহৰ সৈতেও তেওঁ কথা পাতিছে। আৱদ্ধ শ্ৰমিকসকলক খালী কৰাৰ একাধিক সংগঠন আৰু পৰিকল্পনা থকাৰ বাবে অধ্যাপক আৰ্নল্ড ডিক্স তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী যেন লাগে।

উত্তৰকাশীৰ সুৰংগৰ পৰা শ্ৰমিক উদ্ধাৰ অভিযানত অধ্যাপক আৰ্নল্ড ডিক্স। ফটোঃ সংগ্ৰহীত।

উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু অগাৰ মেচিনৰ কাৰিকৰী বিজুতিৰ বাবে সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে বৃহস্পতিবাৰে নিশা পুনৰ খনন কাম বন্ধ কৰি হয়। এই পৰ্যন্ত উদ্ধাৰকাৰীয়ে ছিলকিয়াৰা সুৰংগৰ ৪৬.৮ মিটাৰ পৰ্যন্ত খনন কৰিছে।