NORTHEAST NOW (Assamese)
দেশ

শাৰী পৰিধান কৰি সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন : চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ট্ৰান্সজেণ্ডাৰ কিশোৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 12:24 pm

পুৰুষৰ শৰীৰ লৈ জন্ম গ্ৰহণ কৰিলেও নিজকে নাৰী বুলি গণ্য কৰিছিল তেওঁ। নাৰীৰ দৰে থাকিবলৈ ভাল পাইছিল। মেকআপৰ প্ৰতি চখ আছিল। তেওঁ নিজেই মেকআপ শিকিছিল আৰু ছ’চিয়েল মিডিয়াত মেকআপৰ ভিডিঅ’ পোষ্ট কৰিছিল। 

শেহতীয়াকৈ দীপাৱলীত শাৰী পৰিধান কৰি ভিডিঅ’ পোষ্ট কৰাৰ পিছতে ১৬ বছৰীয়া ট্ৰান্সজেণ্ডাৰ কিশোৰগৰাকী সন্মুখীন হ’ল তীব্ৰ ট্ৰল আৰু কটু মন্তব্যৰ। এই কটু মন্তব্য আৰু অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে তেওঁ। 

মধ্য প্ৰদেশৰ উজ্জয়িনত সংঘটিত হৈছে এই ঘটনা। ১৬ বছৰীয়া ৰূপান্তৰকামী কিশোৰ প্ৰাণশুৱে মূলতঃ মেকআপ আৰু সৌন্দৰ্য্যক লৈ বিভিন্ন ভিডিঅ’ ইনষ্টাগ্ৰামত তৈয়াৰ কৰি পোষ্ট কৰিছিল। 

শেহতীয়াকৈ তেওঁ দীপাৱলীত এটা ৰীল পোষ্ট কৰিছিল। শাৰী পিন্ধি নিৰ্মাণ কৰা ৰীলটোত কমেন্ট কৰিছিল হাজাৰ হাজাৰ লোকে। 

কমেন্টত নিৰন্তৰ ট্ৰলিঙৰ বলি হোৱাৰ পিছত অৱশেষত কিশোৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।

‘মেড ইন হেভেন’ ৱেব ছিৰিজৰ অভিনেত্ৰী ট্ৰিনেট্ৰা হাল্ডাৰে কিশোৰীগৰাকীৰ আত্মহত্যাৰ খবৰ ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে যে কিশোৰীগৰাকীৰ কমেণ্ট ছেকচনত ৪ হাজাৰৰো অধিক ‘হোমোফ’বিক’ মন্তব্য কৰা হৈছে, যাৰ বাবে কিশোৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল ।

 

View this post on Instagram

 

A post shared by Trinetra Haldar Gummaraju (@trintrin)

অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল প্লেটফৰ্মে তেওঁক ট্ৰ’লিঙৰ পৰা ৰক্ষা কৰাত বাৰে বাৰে ব্যৰ্থ হৈছে। 

আনহাতে আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে অৱগত কৰে। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।