নাছিল ‘কৰিম কিম্বা মৰিম’ মানসিকতা! আক্ৰামে ক’লে ভাৰতৰ বিশ্বকাপ পৰাজয়ৰ আঁৰৰ কাৰণ

বিশ্বকাপৰ অনাকাংক্ষিত পৰাজয়ক এতিয়াও পাহৰিব পৰা নাই ভাৰতে; সেয়া লাগিলে খেৰুৱৈয়ে হওক অথবা অনুৰাগী। দুৰ্দমনীয় প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰ পিছতো ফাইনেলত থমকিব লগা হোৱাত স্বাভাৱিকতেই ভাৰতীয় দল তথা ক্ৰীড়াপ্ৰেমী।
ফাইনেলত ভাৰতৰ এই ব্যৰ্থতাক লৈ ইতিমধ্যে ক্ৰিকেট বিশ্বত আলোচনা চলিছে। ক্ৰিকেট বিশেষজ্ঞই বিশ্লেষণ কৰিছে ভাৰতৰ পৰাজয়ৰ কাৰণ। এনে চৰ্চাৰ মাজতে পাকিস্তানৰ কিংবদন্তি বলাৰ ৱাছিম আক্ৰামেও এই বিষয়ত প্ৰকাশ কৰিছে নিজৰ মত।
আক্ৰামৰ মতে, অষ্ট্ৰেলিয়াৰ বিপক্ষে ফাইনেল মেচত ভাৰতীয় মিডল অৰ্ডাৰ বেটাৰে খেলা নাছিল ‘কৰিম কিম্বা মৰিম মনোভাৱেৰে। এই সুবিধা গ্ৰহণ কৰিয়েই ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই দখল কৰে বিশ্বকাপত নিজৰ ষষ্ঠ খিতাপ।
উল্লেখ্য যে, মেচখনত এক সফল আৰম্ভণিৰ পিছতো হঠাতে হোৱা উইকেট পতনৰ পিছত ভাৰতীয় ইনিংছত বিপৰ্যয় নামি আহিছিল। তাৰ পিছতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতৰ স্ক’ৰব’ৰ্ডত ২৪০ ৰাণ সংযোগ হৈছিল।
অৰ্ধশতকীয় ইনিংছটোৰে ৰাহুলে উইকেট পতন ৰোধ কৰিলেও এই ইনিংছটো হৈ পৰিছিল অত্যধিক মন্থৰ। ১০৭টা বলত খেলা ৬৬ ৰাণৰ ইনিংছটোত ৰাহুলে কোবাইছিল মাত্ৰ এটা বাউণ্ডেৰী, যাৰ বাবে ৰাহুলৰ এই ইনিংছটোক লৈ কিছু সমালোচনাৰো সৃষ্টি হৈছিল।
ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আক্ৰামে কয় যে ভাৰতৰ মিডল অৰ্ডাৰে ফাইনেলত ‘কৰিম কিম্বা মৰিম’ মানসিকতাৰে খেলিব লাগিছিল। ৰোহিত আৰু আয়াৰৰ বাহিৰে কোনো এগৰাকী ভাৰতীয় বেটাৰেই ফাইনেলত ১০০ৰ ওপৰত ষ্ট্ৰাইক ৰেটৰে ৰাণ সংগ্ৰহ কৰা নাছিল বুলি আঙুলিয়াই দিয়ে আক্ৰামে।
অৱশ্যে ৰাহুলৰ ইনিংছটোৰ সন্দৰ্ভত আন এক দিশো উল্লেখ কৰে আক্ৰামে। তেওঁ কয় যে সেই সময়ত ৰাহুলৰ মনত কি চলি আছিল সেয়া তেওঁ বুজিব পাৰিছে। আক্ৰামৰ মতে, জাদেজাৰ পিছত লাইন আপত কোনো বিশেষ বেটাৰ নাছিল আৰু সেয়ে ৰাহুলে ধৈৰ্যসহকাৰে বেটিং কৰিব লাগিব বুলি ৰাহুলে হয়তো ভাবিছিল।
আৰু ধৈৰ্যসহকাৰে বেটিং কৰাৰ বাবে আউট হোৱাৰ সম্ভাৱনাত ৰাহুলে ৰিস্ক ল’ব নোৱাৰিলে বুলি আক্ৰামে লগতে কয়। অৱশ্যে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া দলত থকা হ’লে তথা ভাৰতৰ অতিৰিক্ত বেটাৰ থকা হ’লে ৰাহুলে ৰিস্ক ল’লেহেঁতেন বুলিও আক্ৰামে বিশ্লেষণ কৰে।