NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2023 9:34 am

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক, সম্পাদক আৰু সুলেখক অনিল বৰুৱাৰ দেহাৱসান ঘটিছে। মঙলবাৰে সন্ধিয়া গুৱাহাটীত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে।

সোমবাৰে হৃদ ৰোগত আক্ৰান্ত হোৱা বৰুৱাক সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে সন্ধিয়া ৬.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ইয়াৰ পূৰ্বে এবাৰ হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁৰ অস্ত্ৰোপচাৰো কৰা হৈছিল।

১৯৩৯ চনত জন্মলাভ কৰা অনিল বৰুৱা জনমভূমি, দৈনিক অসম কাকতৰ  সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তিনি কন্যা সন্তানৰ পিতৃ বৰুৱাৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ আজি সম্পন্ন কৰা হ’ব।

অনিল বৰুৱাৰ আকস্মিক মৃত্যুত সংবাদ মাধ্যমৰ লগতে সমাজ জীৱনৰ পুৰোধা ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে।