NORTHEAST NOW (Assamese)
Popular Stories

যন্ত্ৰৰ বিৰুদ্ধে মানুহৰ জয়! নিষিদ্ধ খনন পদ্ধতিৰে জীৱন ৰক্ষা পৰিল সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2023 9:00 am

অৱশেষত ৪০০ ঘন্টা অপেক্ষাৰ অন্তত ৪১ জন শ্ৰমিকক সুৰংগৰ অন্ধকূপৰ পৰা উদ্ধাৰ কৰা হয়। মঙলবাৰে নিশা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগৰ পৰা ১৭ দিনৰ অন্তত এই ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা হয়। দুৰ্যোগৰ দিনটো আছিল ১২ নৱেম্বৰ দেৱালীৰ দিনা। সেই দিনাৰ পৰাই আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা চলাইছিল যদিও উদ্ধাৰ প্ৰচেষ্টাত বাৰে বাৰে বাধাৰ সৃষ্টি হৈছিল।

কেতিয়াবা সুৰংগটোৰ ভিতৰত ভাঙি যোৱাৰ ফলত, কেতিয়াবা অগাৰ মেচিনৰ ব্লেডখন ভাঙি-স্তব্ধ হৈ পৰিছিল উদ্ধাৰৰ কাম। শেষ আশা আছিল ৰেট হোল মাইনিং। অৱশেষত এই নিষিদ্ধ খনন পদ্ধতিৰে উদ্ধাৰ কৰা হয় আৱদ্ধ শ্ৰমিকসকলক।

অত্যাধুনিক প্ৰযুক্তি, আধুনিক যন্ত্ৰপাতি, দীঘলীয়া উদ্ধাৰ অভিযান, হাজাৰ হাজাৰ পৰিকল্পনা – সকলো এটা এটাকৈ বিফল হৈ পৰিছিল। শেষৰ পৰ্যায়ত যেতিয়া ২৫ টন ওজনৰ মেচিনটোও ভাঙি যায়, তেতিয়া মেনুৱেল ড্ৰিলিং পদ্ধতি বাছি লোৱা হয়। শ্ৰমিকসকলক লগাই মাটি খান্দিবলৈও সকলো প্ৰস্তুতি কৰা হৈছিল। তেতিয়াই ৰেট হোল মাইনিঙৰ বাবে সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়কঃ অৱসান শ্বাসৰুদ্ধকৰ ১৭ টা দিনৰ: মুকলি আকাশৰ তললৈ সুৰঙ্গত আৱদ্ধ ৪১ শ্ৰমিক

বৈঠকৰ পিছত খনন আৰম্ভ হ’ল, উদ্ধাৰৰ কাম দ্ৰুতগতিত আগবাঢ়িল। মঙলবাৰে সন্ধিয়া প্ৰায় সাত বজাত প্ৰথমজন শ্ৰমিকক উলিয়াই অনা হয়। ইয়াৰ পিছত বাকী ৪০ জন শ্ৰমিককো পৰৱৰ্তী ৩৮ মিনিটৰ ভিতৰত উলিয়াই অনা হয়।

ৰেট হোল মাইনেঙেৰে কেনেকৈ সফলতা আহিল?

এন্দুৰৰ গাঁত খনন পদ্ধতি বা ৰেট হোল মাইনিং কয়লা খননৰ এক পদ্ধতি। ইয়াত ৪ ফুট বহল গাঁত খন্দা হয়। কয়লাৰ স্তৰ পোৱাৰ লগে লগে ইয়াৰ কাষৰ পৰা সুৰংগ খন্দা হয়। তাৰ পৰা মাটি কাটি কয়লা উলিয়াই অনা হয়। ৰেট হোল মাইনিঙত কোনো মেচিন ব্যৱহাৰ কৰা নহয়, হাতেৰে বেলচা, কোদাল ব্যৱহাৰ কৰি মাটি কাটি লোৱা হয়। সৰু ঠাইৰ বাবে বহু সময়ত শিশুসকলক খান্দিবলৈ পঠিওৱা হয়। নিৰাপত্তাজনিত কাৰণতে এই পদ্ধতি নিষিদ্ধ কৰা হৈছে।

উত্তৰকাশীত উদ্ধাৰ অভিযানৰ সময়ত যেতিয়া আমেৰিকাৰ অগাৰ মেচিনটো ক্ষতিগ্ৰস্ত হৈছিল, তেতিয়া উদ্ধাৰকাৰীসকলে ৰেট হোল মাইনিং পদ্ধতিৰ কথা ভাবিছিল। দিল্লীৰ পৰা ১২ জন বিশেষজ্ঞৰ মুঠ ২ টা দল অনা হৈছিল। তেওঁলোকেই  মাটি খান্দি শ্রমিকসকলক উলিয়াই আনিলে৷ উত্তৰাখণ্ড চৰকাৰৰ ন’ডেল বিষয়া নীৰজ খেৰৱালে কয় যে উদ্ধাৰৰ কাম কৰাসকল ৰেট হোল মাইনং খননকাৰী নহয়, বৰঞ্চ এই পদ্ধতিৰ মাটি খননৰ বিশেষজ্ঞ।

লগতে পঢ়কঃ বৰ্ষাপাৰাত থমকিল ভাৰত! অথলে গ’ল ঋতুৰাজৰ শতক, বিশ্বকাপৰ ছন্দ ঘূৰাই আনি অষ্ট্ৰেলিয়াক জয়ী কৰিলে মেক্সৱেলে

ৰেট হোল মাইনিঙ বিশেষজ্ঞ ৰাজপুত ৰায়ে কয় যে, এই পদ্ধতিত এজন শ্ৰমিকে খান্দে, আন এজনে ভঙা মাটি আৰু শিল সংগ্ৰহ কৰে। তৃতীয়জনে ভঙা মাটি-শিল ট্ৰলীখনৰ ওপৰত ৰাখে, যিটো টানি বাহিৰ কৰি অনা হয়। উত্তৰকাশীতো একে পদ্ধতি গ্ৰহণ কৰা হৈছে।