• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ষাপাৰাত থমকিল ভাৰত! অথলে গ’ল ঋতুৰাজৰ শতক, বিশ্বকাপৰ ছন্দ ঘূৰাই আনি অষ্ট্ৰেলিয়াক জয়ী কৰিলে মেক্সৱেলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 8:02 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলৰ অবিশ্বাস্য, বিধ্বংসী ইনিংছ এতিয়াও ক্ৰিকেট প্ৰেমীৰ মনত সতেজ হৈ আছে। মেড মেক্সে ২০১ ৰানৰ অতি মানৱীয় ইনিংছ খেলি দলটোক বিজয় কৰিছিল যেতিয়া অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই যথেষ্ট চাপত পৰি পৰাজয়ৰ গৰাহত পৰিছিল ।

মঙলবাৰে নিশা গুৱাহাটীৰ বৰ্ষাপাৰতো বহুখিনি সেই স্মৃতিকে ঘূৰাই আনিলে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰগৰাকীয়ে। তেওঁ বিস্ফোৰক বেটিং কৰি ভাৰতৰ মুখৰ পৰা জয় কাঢ়ি নিয়ে। ইয়াৰ ফলত অষ্ট্ৰেলিয়াৰ এই শৃংখলা জয়ৰ সম্ভাৱনা বৰ্তি থাকিল।

বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত ভাৰতৰ ট্ৰফী জয়ৰ সপোন শেষ হৈছিল। অৱশ্যে ইয়াৰ পিছতে টী-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সূৰ্যকুমাৰৰ টীম ইণ্ডিয়া দুৰ্দান্ত হৈ উঠে। প্ৰথম দুখন মেচত জয়লাভো কৰে। কিন্তু তৃতীয়খন মেচত জয়লাভ কৰি পাঁচখন মেচৰ শৃংখলাটো আগতীয়াকৈ হস্তগত কৰাৰ লক্ষ্য পূৰণ নহ’ল৷

Apply Now

মঙলবাৰে বৰ্ষাপাৰাত মেথিউ ৱেডে টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ পঠিয়ায়। আৰম্ভণিতে সফলতা আহে। মাত্ৰ ৬ ৰানত আউট হয় অ’পেনাৰ যশস্বী জয়ছোৱাল। কিন্তু ক্ৰীজত আন এজন অ’পেনাৰ ঋতুৰাজ গাইকোৱাড খোপনি পুতি বহে।

মাত্ৰ ৫৭টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অভাৱনীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয় গাইকোৱাডে। ভাৰতীয় হিচাপে টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখো তেওঁ গঢ়ে। তাৰ পাছত সূৰ্যকুমাৰ আৰু তিলক বাৰ্মাৰ (৩১*) সহায়ত ভাৰতে ২০০ ৰানৰ সীমা অতিক্ৰম কৰে।

দলটোৱে স্ক’ৰব’ৰ্ডত ২২২ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক কঠিন প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছিল। কিন্তু তেওঁলোকে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁলোক কিয় বিশ্ব শ্ৰেষ্ঠ। সকলো হেৰুৱাৰ সময়তে কিয় উজলি উঠে তেওঁলোক? ভোকাতুৰ সিংহৰ দৰে জপিয়াই পৰিল ৱেড বাহিনী। আৰু তাৰ লগে লগে ছয়বাৰৰ বিশ্ব চেম্পিয়ন দলটো পুনৰ ছিৰিজলৈ উভতি আহিল।

মেক্সৱেলে আকৌ এবাৰ বেটেৰে বিস্ফোৰণ ঘটালে। তেওঁ মাত্ৰ ৪৮টা বলত অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰে। তেওঁক ২৮ ৰানত অপৰাজিত থাকি সংগ দিছিল ৱেডে। ইয়াৰ পিছতে প্ৰসিদ্ধ কৃষ্ণৰ বলিং আৰু স্লগ অভাৰত সূৰ্য্যকুমাৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হয়। অৱশ্যে অষ্ট্ৰেলিয়াৰ এই জয়ে শৃংখলাটো যে পুনৰ উত্তেজনাপূৰ্ণ কৰি তুলিলে সেয়া কোৱা বাহুল্য।

সংক্ষিপ্ত স্কেৰঃ

ভাৰতঃ ২২২/৩ (ঋতুৰাজ-১২৩*, সূৰ্য্যকুমাৰ-৩৯)

অষ্ট্ৰেলিয়া: ২২৫/৫ (হেড-৩৫, মেক্সৱেল-১০৪*)

অষ্ট্ৰেলিয়া ৫ উইকেটত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd