NORTHEAST NOW (Assamese)
অসম

ওড়িশা ৰে’ল ট্ৰেজেডী: জীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2023 3:16 pm

ওড়িশাৰ বালাছোৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ এজন ৩৫ বছৰীয়া যুৱকক।

দুলাই মজুমদাৰ নামৰ অসমৰ যুৱকজনক কমেও দুদিন ধৰি ধ্বংসাৱশেষৰ তলত থকাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰে দুৰ্ঘটনা সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছত আছিল মজুমদাৰ।

সংঘৰ্ষ ঘটাৰ পিছতে তেওঁ ৰে’লৰ পৰা ছিটিকি ওলাই পৰে আৰু ট্ৰেকৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত গৈ পৰি ৰয়। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

মজুমদাৰক প্ৰথমতে ছ’ৰ’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক বালাছোৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ওড়িশাৰ বালাছোৰত শালমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট আৰু এখন মালবাহী তিনিখন ৰে’লৰ দুৰ্ঘটনাত কমেও ২৭৫ জন লোকৰ মৃত্যু হয়।