NORTHEAST NOW (Assamese)
অসম

গুফী পেন্টেলৰ পৰলোকপ্ৰাপ্তি; মৃত্যুৰ সন্মুখত পৰাস্ত মহাভাৰতৰ ‘শকুনি মামা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2023 1:41 pm
গুফী পেন্টেলৰ পৰলোকপ্ৰাপ্তি; মৃত্যুৰ সন্মুখত পৰাস্ত মহাভাৰতৰ ‘শকুনি মামা’

বলীউডত পুনৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলালে। দেওবাৰে প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী  সুলোচনা লাটকাৰৰ দেহাৱসান ঘটে। সোমবাৰে পুনৰ আহিল আনটো বেয়া খবৰ। জীৱন যুদ্ধত পৰাজিত গুফী পেন্টেল। ৭৯ বছৰ বয়সত স্তব্ধ হৈ পৰিল অভিনেতাগৰাকীৰ জীৱন।

মেগা ধাৰাবাহিক মহাভাৰতত ‘শকুনি মামা’ হিচাপে বিখ্যাত হৈ পৰিছিল পেন্টেল। ইয়াৰ উপৰিও বহু জনপ্ৰিয় ছবিত তেওঁৰ কমেডী অভিনয়ে আন এক মাত্ৰা সংযোজন কৰিছে।

লগতে পঢ়ক: বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বহুদিন ধৰি তেওঁ বিভিন্ন সমস্যাত ভুগি আছিল। যোৱা সপ্তাহত তেওঁক হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।তেতিয়া অৱস্থা সংকটজনক বুলি পৰিয়ালে জনাইছিল।

পশ্চিম আন্ধেৰীৰ এখন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছিল প্ৰবীণ অভিনেতাগৰাকী। বলীউডে আশা কৰিছিল যে এইবাৰো তেওঁ জীৱন যুদ্ধত দবাৰ চালত বিজয়ী হ’ব। মনৰ জোৰত স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব। কিন্তু সেইটো আৰু নহ’ল।

সৰু পৰ্দাৰ অভিনেত্ৰী টিনা ঘাইয়ে প্ৰথমে ছচিয়েল মিডিয়াত প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰে। অভিনেতা গৰাকীৰ এখন ছবিৰে তেওঁ লিখিছে, ‘গভীৰ দুখ আৰু শোকৰ সৈতে জনাওঁ যে  আমাৰ মৰমৰ গুফী পেন্টেলজী (শকুনি মামা)য়ে আমাক এৰি থৈ গুচি গ’ল। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।‘

লগতে পঢ়ক:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

সোমবাৰে বিয়লি অভিনেতাগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব বুলি ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা গৈছে।