NORTHEAST NOW (Assamese)
Popular Stories

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2023 3:01 pm

ৰিজ বা Rizz। ৰোমান্টিক সংগীক আকৰ্ষণ কৰাৰ অন্যতম উপায়। ২০২৩ চনৰ বৰ্ষশ্ৰেষ্ঠ শব্দ হিচাপে নিৰ্বাচিত হৈছে এই শব্দটো, যাৰ অৰ্থ হৈছে আকৰ্ষণ। প্ৰতি বছৰৰ দৰে এইবাৰো অক্সফৰ্ড (Oxford) অভিধানে শ্ৰেষ্ঠ শব্দটো বাছি উলিয়াইছে। ৩২ হাজাৰতকৈ অধিক ভোটত “ৰিজ”ক শ্ৰেষ্ঠ শব্দ হিচাপে নিৰ্বাচিত কৰা হয়। সাধাৰণ মানুহৰ পৰা তাৰকাসকলৰ মুখলৈকে ‘ৰিজ’ৰ উল্লেখ বহু শুনা গৈছে।

প্ৰতি বছৰে অক্সফৰ্ডে শ্ৰেষ্ঠ শব্দ বাছনিৰ বাবে নিৰ্বাচনৰ আয়োজন কৰে। কেইবাটাও শব্দৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হয়। শেষত প্ৰাপ্ত ভোটৰ ওপৰত ভিত্তি কৰি এটা শব্দ বাছি লোৱা হয়। এইবাৰো শ্ৰেষ্ঠ হোৱাৰ দৌৰত ৮টা শব্দ আছিল। তাৰ ভিতৰত আছিল Swiftie, de-influencing, beige flag, rizz, heat dome, prompt, parasocial আৰু situationship ৰ দৰে শব্দ। শেষত ৩২ হাজাৰতকৈ অধিক ভোট ‘ৰিজ’লৈ গ’ল।

লগতে পঢ়কঃ হোৱাইট হাউছে জনালে, ইউক্ৰেইনক সহায় কৰিবলৈ আৰু ধন নাই আমেৰিকাৰ; কি হ’ব জেলেনস্কিৰ?

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত নেটিজেনৰ কেপচনৰ পৰা আৰম্ভ কৰি হলিউডৰ অভিনেতা টম হ’লেণ্ডৰ সাক্ষাৎকাৰলৈকে ‘ৰিজ’য়ে সকলোতে নিজৰ প্ৰভাৱ দেখুৱাইছে।

এই ‘ৰিজ’ৰ অৰ্থ কি? অক্সফৰ্ড অভিধান অনুসৰি ‘ৰিজ’ মানে আকৰ্ষণ বা আনক আপ্লুত কৰাৰ ক্ষমতা। বিশেষকৈ ৰোমান্টিক সংগীক আকৰ্ষণ কৰাটো এই সৰু শব্দটোত প্ৰকাশ পাইছে। বহুতৰ মতে কাৰিজ্মা শব্দটো চুটি কৰি ‘ৰিজ’ কৰা হয়। অক্সফৰ্ডৰ কাছপাৰ গ্ৰেথলে কয় যে ছ’চিয়েল মিডিয়াৰ যুগত শব্দৰ গতি দ্ৰুত হৈ আহিছে সেই কথা মনত ৰাখি ‘ৰিজ’ক বাছনি কৰা হৈছে।

টম হলাণ্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ পিছত এই নতুন শব্দটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। সেই সাক্ষাৎকাৰত এটা প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কৈছিল, “মোৰ সেই ধৰণৰ ‘ৰিজ’ নাই।” তেতিয়াৰ পৰাই এই ‘ৰিজ’ শব্দটো নেট জগতত ব্যাপকভাৱে বিয়পি পৰিছে। মিমৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বাৰ্তালৈকে ‘ৰিজ’ সকলোতে আছে। সেয়ে, বৰ্ষশ্ৰেষ্ঠ শব্দৰ খিতাপো ইয়াৰ শিৰতে উঠিছে।