NORTHEAST NOW (Assamese)
অসম

হোৱাইট হাউছে জনালে, ইউক্ৰেইনক সহায় কৰিবলৈ আৰু ধন নাই আমেৰিকাৰ; কি হ’ব জেলেনস্কিৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2023 1:37 pm

হোৱাইট হাউছে কয় যে ইউক্ৰেইনক সহায় কৰিবলৈ বাইডেন প্ৰশাসনৰ হাতত আৰু ধন নাই। সেয়েহে শাসকীয় ডেম’ক্ৰেটিক পাৰ্টিয়ে ইউক্ৰেইনক সহায় কৰিবলৈ আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভত ১০ বিলিয়ন ডলাৰৰ পেকেজ উত্থাপন কৰে। কিন্তু বিৰোধী ৰিপাব্লিকানসকলে সেই পেকেজ বন্ধ কৰি দিলে।

কংগ্ৰেছে এই পেকেজত ক্ষিপ্ৰতাৰে অনুমোদন নিদিলে ৰাছিয়া লাভৱান হ’ব বুলি উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে। হোয়াইট হাউছে কয়, ‘’সময় ক্ষিপ্ৰতাৰে পাৰ হৈছে, ইউক্ৰেইনক সহায় কৰিবলৈ আমাৰ আৰু ধন নাই। যদি কংগ্ৰেছে এই পেকেজত অনুমোদন নিদিয়ে তেন্তে   ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত ইউক্ৰেইনক সহায় কৰিব পৰা নাযাব।’’

যোৱা অক্টোবৰ মাহত বাইডেন প্ৰশাসনে কংগ্ৰেছক ১০ ট্ৰিলিয়ন ডলাৰৰ পেকেজত অনুমোদন দিবলৈ কৈছিল। ইয়াৰ পৰা ইউক্ৰেইন আৰু ইজৰাইলক সহায় কৰাৰ কথা আছিল। কিন্তু এতিয়া হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ৰিপাব্লিকানসকলৰ সংখ্যাগৰিষ্ঠতা আছে। তেওঁলোকে এই অনুমোদন নিদিলে।

লগতে পঢ়কঃ অৱশেষত জীৱন যুঁজত হাৰ মানিলে CID-খ্যাত ফ্ৰেডীয়ে; প্ৰয়াত অভিনেতা দীনেশ ফডনীশ

সোমবাৰে সদনৰ অধ্যক্ষলৈ এই পত্ৰ লিখিছে জো বাইডেনৰ বাজেট সঞ্চালকে। তেওঁ লিখিছে, “আমাৰ হাতত কোনো যাদুৰ দণ্ড নাই যাৰ সহায়ত আমি পৰিস্থিতি চম্ভালিব পাৰো। আমাৰ হাতত কোনো ধন নাই আৰু আমাৰ সময়ো নাই।”

তেওঁ জনায়, ‘’যদিহে কংগ্ৰেছে সেই পেকেজত অনুমোদন নিদিয়ে তেন্তে ইউক্ৰেইনৰ বাবে অস্ত্ৰ-শস্ত্ৰ বা সঁজুলি ক্ৰয় কৰিবলৈ আমাৰ হাতত চলিত বৰ্ষৰ শেষত কোনো ধৰণৰ ধন নাথাকিব। আৰু এই অস্ত্ৰ-শস্ত্ৰ আৰু সাহায্য অবিহনে ইউক্ৰেইনে যুদ্ধক্ষেত্ৰত যুঁজিব নোৱাৰিব। যুদ্ধৰ পৰা তেওঁলোকে যি লাভ কৰিছে, সেইখিনিও অপচয় হ’ব।”

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে যদিহে এই পেকেজ অনুমোদন নহয় তেন্তে ৰাছিয়াই লাভৱান হ’ব। সাংবাদিকৰ আগত তেওঁ কয় যে কংগ্ৰেছে এতিয়া সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে ইউক্ৰেইনৰ স্বাধীনতাৰ যুঁজত সহায় কৰিব নে পুটিনৰ লাভ চাব।

লগতে পঢ়কঃ যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

হোয়াইট হাউছৰ এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই সদনৰ অধ্যক্ষ মাইক জনছনে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। তেওঁ কয়, ‘ইউক্ৰেইনৰ সন্দৰ্ভত বাইডেন প্ৰশাসনৰ কোনো স্পষ্ট কৌশল নাই। এই বিবাদৰ সমাধানৰ উপায় কি, আমেৰিকাৰ কৰদাতাৰ ধনেৰে যি সাহায্য কৰা হৈছে, সেয়া খৰচ কৰাৰ পৰিকল্পনা ক’ত, ইয়াৰ বাবে কোনে দায়ী হ’ব? এই সকলোবোৰ ন্যায্য প্ৰশ্ন।”

তেওঁ লগতে লিখিছে, “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত যদি অতিৰিক্ত পেকেজ হ’ব লাগে, তেন্তে ইয়াৰ আৰম্ভণি আমেৰিকাৰ সীমান্তৰ পৰা হোৱাটো প্ৰয়োজন।”

ছিনেটৰ ৰিপাব্লিকান নেতা মেককনেলে কয় যে ইয়াৰ ওপৰত আলোচনা হ’বই পাৰে।

লগতে পঢ়কঃ বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

ৰিপাব্লিকানসকলে কয় যে বাইডেনে আমেৰিকাৰ সীমান্ত নিৰাপত্তা, অনুপ্ৰৱেশৰ বিষয়টো স্পষ্ট কৰাটো প্ৰয়োজন।