NORTHEAST NOW (Assamese)
Popular Stories

ধনশ্ৰী নাই, কাৰ লগত খেল চালে চাহালে? ছবি দেখি তোলপাৰ ছ’চিয়েল মিডিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2025 10:09 am
ধনশ্ৰী নাই, কাৰ লগত খেল চালে চাহালে? ছবি দেখি তোলপাৰ ছ’চিয়েল মিডিয়া

ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু নৃত্য পৰিচালক ধনশ্ৰী ভাৰ্মাৰ বিবাহ বিচ্ছেদৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰে। এই চৰ্চাৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল চাহালৰ সৈতে আৰ জে মাহভশৰ এখন ছবি। যিয়ে বিচ্ছেদৰ বাতৰিত আৰু অধিক ইন্ধন যোগাইছিল। কিন্তু মাহভশে এই জল্পনা-কল্পনাক সম্পূৰ্ণ ভিত্তিহীন বুলি উৰুৱাই দিছিল।

কিন্তু দেওবাৰে সেই জল্পনা-কল্পনা আৰু গভীৰ হৈ পৰিল। ডুবাইত অনুষ্ঠিত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চাহাল আৰু মাহভশক একেলগে দেখা গ’ল। নেটিজেনসকলে আচলতে তেওঁলোক সম্পৰ্কত আছে নে নাই সেই বিষয়ে জানিবলৈ কৌতুহলী হৈ পৰিছে।

অৱশ্যে মাহভশে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, “ইণ্টাৰনেটত কিছু বাতৰি আৰু গুঞ্জন বিয়পি পৰিছে। সঁচা কথা ক’বলৈ গ’লে এই উৰাবাতৰিবোৰ কিমান ভিত্তিহীন সেয়া দেখি হাঁহি উঠিছে। যদি আপোনাক বিপৰীত লিংগৰ কাৰোবাৰ লগত দেখা যায় তেন্তে তাৰ অৰ্থ হ’ল আপুনি প্ৰেমৰ সম্পৰ্কত আছে? আমি কি যুগত বাস কৰি আছো?’’

তেওঁ লগতে লিখিছে, “যোৱা দুই তিনিদিন ধৰি মই ধৈৰ্য ধৰি আছো। কিন্তু মই আৰু মনে মনে থাকিব নোৱাৰো। কিছুমানে ইচ্ছাকৃতভাৱে মোৰ নাম ব্যৱহাৰ কৰি আন কাৰোবাৰ ভাৱমূৰ্তি ঠিক কৰিবলৈ চেষ্টা কৰিছে। কঠিন সময়ত মানুহে যাতে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শান্তিৰে থাকিব পাৰে সেইটোৱে বাঞ্ছনীয়।’’

কিন্তু চাহাল আৰু ধনশ্ৰী ভাৰ্মাই এতিয়াও আনুষ্ঠানিকভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰা নাই। অৱশ্যে দুয়োৰে সম্পৰ্কক লৈ নেটিজেনৰ মাজত বহু জল্পনা-কল্পনা বিয়পি পৰিছে।