NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ বাবে ২০ গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2025 9:12 am

অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে ব্যক্তিসকলক কস্বীকৃতি প্ৰদান কৰাৰ লগতে এই ২০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰে।

ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ (জি অ’ চি ইন চি) লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাক বিশিষ্ট সেৱাৰ বাবে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰ বাবে ছয়জন ব্যক্তিক নিৰ্বাচিত কৰাৰ বিপৰীতে আন তেৰজন ব্যক্তিক তেওঁলোকৰ ব্যতিক্ৰমী সাফল্যৰ বাবে অসম গৌৰৱ বঁটা প্ৰদান কৰিব।

অসম সৌৰভ বঁটা বিজয়ীসকলৰ ভিতৰত আছে তামিলনাডুৰ সুব্ৰমনিয়াম ৰামাদৰায়, হোজাইৰ ডঃ বাপ্পী পাল, লখিমপুৰৰ ডঃ পূৰবী শইকীয়া, কামৰূপৰ দ্বীপেন বৰুৱা, দৰঙৰ হেমন্ত দত্ত আৰু গোলাঘাটৰ উমা চেত্ৰী।

আনহাতে, লখিমপুৰৰ ফুলেশ্বৰী দত্ত, কামৰূপৰ মীনাক্ষী দাস, শিৱসাগৰৰ পাৰ্থিব সুন্দৰ গগৈ, ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনং তেৰন, শ্ৰীভূমিৰ নজৰুল হক, যোৰহাটৰ বিশ্বজিৎ বৰা, বজালীৰ ভাৰত কলিতা, কোকৰাঝাৰৰ বৰলাংফা নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰাম ছাশোনি, শিৱসাগৰৰ উপমন্যু বৰকাকতি আৰু কামৰূপৰ ডেভিদ প্ৰতিম গগৈক অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব।

এই সন্মানীয় বঁটাসমূহে সামৰিক সেৱা, শিক্ষা, কলা, সাহিত্য আৰু সামাজিক কামৰ দৰে ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি দিয়ে।

২০২৫ চনৰ ৩০ মাৰ্চত গুৱাহাটীত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত বঁটাপ্ৰাপকসকলক সন্মানিত কৰা হ’ব।