NORTHEAST NOW (Assamese)
দেশ

আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 28, 2025 4:24 pm
আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

সোমবাৰে লোকসভাত পেহেলগাম আক্ৰমণ আৰু “অপাৰেচন সিন্দুৰ” সন্দৰ্ভত আলোচনা আৰম্ভ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

তেওঁ কয়, “পাকিস্তানৰ সৈতে আমাৰ কোনো সংঘাত নাই। এয়া হৈছে সভ্যতা বনাম বৰ্বৰতাৰ যুঁজ। কোনোবাই যদি আমাৰ সাৰ্বভৌমত্বৰ ক্ষতি কৰে তেন্তে উপযুক্ত উত্তৰ দিয়া হ’ব।”

তেওঁ কয়, “আমাৰ মৌলিক স্বভাৱ বুদ্ধৰ, যুদ্ধৰ নহয়। আমি এতিয়াও কওঁ যে এখন সমৃদ্ধিশালী পাকিস্তান আমাৰ স্বাৰ্থত লাগে।”

তেওঁ কয়, নৰেন্দ্ৰ মোডী চৰকাৰৰ স্থিতি স্পষ্ট – আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে আগুৱাব নোৱাৰে।

তেওঁ কয়, “মোদীয়েও কৈছে যে অপাৰেচন সিন্দূৰ বন্ধ হৈহে আছে, শেষ হোৱা নাই। যদি পাকিস্তানে পুনৰ কিবা কৰে তেন্তে আমি আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।”

তেওঁ কয়, “পাকিস্তানৰ মনত এটা ভুল বুজাবুজি আছিল, আমি অপাৰেচন সিন্দূৰৰ জৰিয়তে সেইটো আঁতৰাই দিলোঁ। যদি কিবা বাকী থাকে তেন্তে সেইটোও আঁতৰাই দিম।”

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, “আমাৰ চৰকাৰেও পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে বহু প্ৰচেষ্টা চলাইছে। কিন্তু পিছত ২০১৬ চনৰ অভিযান, ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণ আৰু ২০২৫ চনৰ অপাৰেচন সিন্দূৰৰ জৰিয়তে আমি শান্তি প্ৰতিষ্ঠাৰ বাবে আন এক পথ গ্ৰহণ কৰিছো।”

ৰাজনাথ সিঙে কয়, “আমাৰ নীতি ভগৱান ৰাম আৰু ভগৱান কৃষ্ণৰ পৰা অনুপ্ৰাণিত, যিয়ে আমাক সাহস আৰু ধৈৰ্য্য দুয়োটাকে শিকাই। আমাৰ নীতি স্পষ্ট।”