NORTHEAST NOW (Assamese)
অসম

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2023 8:06 pm
rain in guwahati

বুধবাৰে নিশাৰ পৰা গুৱাহাটী মহানগৰীত পৰিছে পাতলীয়া বৰষুণ। বৰষুণৰ পাছতে মহানগৰীত শীতৰ প্ৰভাৱ কিছু পৰিমাণ অনুভৱ কৰিছে মহানগৰবাসী ৰাইজে।

যোৱা নিশাৰ পৰা হোৱা এই বৰষুণ অহা ৯ ডিচেম্বৰলৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী প্ৰকাশ কৰে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শনিবাৰলৈকে মহানগৰীৰ জলবায়ু সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণৰ সাক্ষী হ’ব গুৱাহাটী।

Assam

উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৮.৩। আনহাতে সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৯.৪।

কেন্দ্ৰৰ তথ্য অনুসৰি, অহা ১০-১২ ঘণ্টা ধৰি ছত্তীশগড়, উৰিষ্যা আৰু উত্তৰ অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন স্থানত ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।