NORTHEAST NOW (Assamese)
Popular Stories

থানাত যুৱতীৰ অভিযোগ,“মায়ে মোক ৪ লাখ টকাত বিক্ৰী কৰি দিছে, মোক বচাওক”! অস্বীকাৰ মাতৃৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2023 10:59 am

এগৰাকী মাতৃয়ে নিজ কন্যাক ৪ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে উত্তৰ প্ৰদেশত। বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ১৮ বছৰীয়া কন্যাক মাতৃয়ে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি তেওঁ নিজৰ কন্যাক হাৰিয়ানাৰ এজন ব্যক্তিক ৪ লাখ টকাত বিক্ৰী কৰিছিল। লগতে অভিযোগ উত্থাপন হৈছে যে যিজন ব্যক্তিক ছোৱালীজনীক বিক্ৰী কৰা হৈছিল তেওঁ ছোৱালীজনীক অত্যাচাৰ কৰিছিল। মাৰপিট কৰিছিল।

তদুপৰি, যুৱতীগৰাকীৰ সৈতে বিভিন্ন অবৈধ কাৰ্যকলাপ সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত মাতৃগৰাকীয়ে।

লগতে পঢ়কঃ নিৰ্বাচনত পৰাজয়ৰ পিছতে আপদ! হাস্পাতালত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ আৰক্ষী অধীক্ষক মনোজ অৱস্থিয়ে কয়, “বুধবাৰে এগৰাকী যুৱতীয়ে আৰক্ষীৰ কাষ চাপি চিলুৱাটাল থানাৰ অন্তৰ্গত মহেচৰা অঞ্চলৰ বাসিন্দা বুলি দাবী কৰে। যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে  তেওঁক হাৰিয়ানাৰ এজন লোকৰ ওচৰত বিক্ৰী কৰিছিল আৰু জোৰকৈ বিয়া দিয়া হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, ২৩ নৱেম্বৰত বিবাহৰ অজুহাতত হাৰিয়ানাত মাতৃয়ে তেওঁক বলপূৰ্বকভাৱে বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে সেই ব্যক্তিজনৰ পৰা মাতৃয়ে ৪ লাখ টকা লোৱা বুলিও অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

চিলুৱাটাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় মিশ্ৰই জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ দুগৰাকী বায়েক আছে। তেওঁলোকৰ হাৰিয়ানাতে বিয়া হৈছে। যুৱতীগৰাকীৰ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যই এই অভিযোগ অস্বীকাৰ কৰে। সঞ্জয়ে লগতে কয় যে সমগ্ৰ বিষয়টো বিতংভাৱে চোৱাচিতা কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।