NORTHEAST NOW (Assamese)
দেশ

বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 11, 2023 5:19 pm

চূড়ান্ত ৰক্ষণশীলতা আৰু ব্ৰাহ্মণ্যবাদ তথা বৰ্ণবাদেৰে যেন ভাৰতক এক বৰ্বৰ দেশলৈ পৰিণত কৰিবলৈ সিদ্ধহস্ত হৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছ তথা বিজেপি দল। এইবাৰ বিজেপি আৰএছএছৰ বৰ্ণ বৈষ্যমৰ বলি হ’ল খোদ বিজেপিৰ প্ৰাক্তন বিধায়ক। 

অভিযোগ অনুসৰি দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেৰগেৱাৰৰ ঘৰ তথা চেট্টি মিউজিয়ামত প্ৰৱেশ কৰিবলৈ নিদিলে কৰ্ণাটকৰ প্ৰাক্তন বিজেপি বিধায়ক গুলিহাট্টি শেখৰক।

ইতিমধ্যে ভাইৰেল হৈ পৰা এটা অডিঅ’ ক্লিপত বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ।

শনিবাৰে ভাইৰেল হোৱা এটা অডিঅ’ ক্লিপত প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে তেওঁ কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে নাগপুৰৰ হেৰগেৱাৰ মিউজিয়াম পৰিদৰ্শন কৰিছিল। তাত অপমান কৰা হৈছিল তেওঁক। তেওঁ কয়, “মই মিউজিয়ামত প্ৰৱেশ কৰাৰ আগতে এজন মানুহৰ লগত কথা পাতিছিলো। তেওঁ মোক কৈছিল যে এই মিউজিয়ামত অনুসূচিত জনজাতিৰ কোনোৱেই প্ৰৱেশ নকৰে। তাৰ পিছত মই বাহিৰতে থাকিলোঁ। মই প্ৰৱেশ কৰা নাছিলো।”

অডিঅ’ ক্লিপটোত প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপি নেতা আৰু সংঘ পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা কৰিছে।

ইয়াৰ পিছতেই প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে আৰ এছ এছ-বিজেপি।