NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমত ব্যৰ্থ হৈ যদি প্ৰেমিকে চৰম পন্থা গ্ৰহণ কৰে, তাৰ বাবে দায়ী নহয় প্ৰেমিকা; ক’লে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2023 8:37 am

প্ৰেমত ব্যৰ্থ হোৱা বাবে আত্মহননৰ ঘটনা প্ৰায়েই ঘটি থাকে। বহু ক্ষেত্ৰত দ্বিতীয়জন জীৱিত ব্যক্তিক দোষাৰোপ কৰা হয়। এই প্ৰসংগত ছত্তীশগড় উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে।

আদালতে কয় যে যদি কোনো প্ৰেমিক প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যাৰ পথ বাছি লয়, তেন্তে তাৰ কাৰণে দেখুৱাই প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচনা যোগোৱা গোচৰ ৰুজু কৰিব পৰা নাযাব।

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত ছত্তীশগড়ত এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয়। যুৱকজনৰ সৈতে এগৰাকী যুৱতীৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। হঠাৎ তেওঁ সম্পৰ্ক ভাঙি পেলায়। ইয়াৰ পিছতে যুৱকজনে আত্মহত্যা কৰে।

লগতে পঢ়কঃ ছচিয়েল মিডিয়াত পৰিচয় ছয় অভিযুক্তৰ; সংসদত আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত’ কাৰণ কি জানেনে?

যুৱতীগৰাকীৰ দুই ভাতৃৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। যুৱকজনে লিখা এখন দুপৃষ্ঠাৰ চিঠিও উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াত তেওঁ লিখিছিল যে যুৱতীগৰাকীয়ে আঠ বছৰীয়া সম্পৰ্ক ভাঙি পেলোৱাৰ আৰু তেওঁৰ দুজন ভাতৃয়ে ভাবুকি দিয়াৰ বাবে তেওঁ আত্মহত্যাৰ পথ বাছি লৈছে।

এই গোচৰত ন্যায়াধীশ পাৰ্থপ্ৰতিম সাউৰৰ একক বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাত বেয়া ফলাফলৰ বাবে আত্মহত্যা কৰে তেন্তে সেই গোচৰ খাৰিজ কৰা হয়। তাৰ বাবে ছাত্ৰ বা ছাত্ৰীজনৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰি।”

লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে

ইয়াৰ পিছত আদালতে মন্তব্য কৰে যে, “যদি কোনো প্ৰেমিকে প্ৰেমৰ ব্যৰ্থতাৰ বাবে আত্মহত্যা কৰে, তেন্তে তেওঁৰ প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ গোচৰ ৰুজু কৰিব নোৱাৰি।” দুৰ্বল হৃদয়ৰ বাবে লোৱা চৰম সিদ্ধান্তৰ দোষ আনৰ ওপৰত জাপি দিব নোৱাৰি।