NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ অভিনেতা জয়ন্ত দাস আৰু নাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 17, 2023 8:12 am

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আৰু নাই। যোৱা নিশা গুৱাহাটীৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত বয়স আছিল ৬২ বছৰ।

‘মুকুতা’ নামৰ ছবিখনত শিশু শিল্পী হিচাপে অভিনয় কৰি জয়ন্ত দাসে অভিনয় কৰা প্ৰতিটো চৰিত্ৰ পিছলৈ জনপ্ৰিয় হৈ উঠিছিল।

এসময়ত কটন কলেজৰ ক্ৰিকেটাৰ জয়ন্ত দাসে ৮০ৰ দশকত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ হাতত ধৰি প্ৰৱেশ কৰিছিল নাট্য জগতত । 

অসমীয়া চিনেমাত তেওঁ প্ৰথমে খলনায়কৰ চৰিত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিছিল যদিও অতি সোনকালেই তেওঁৰ কমিক অভিনয়ে অধিক জনপ্ৰিয়তা লাভ কৰিছিল। কমেডী অভিনেতা হিচাপে তেওঁ লাভ কৰিছিল অনেক খ্যাতি ।

‘বুকুৰ মাজত জোলে’, ‘জোন জ্বলে কপালত’, ‘ভূমিপুত্ৰ’, ‘নায়ক’, ‘কন্যাদান’, ‘মন’, ‘কাদম্বৰী’, ‘কে ধৰি কেইবাখনো ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল অভিনেতাগৰাকীয়ে। মইনা চৰাই মইনা মাত’, ‘জোনাকী মন’, ‘অদম্য’, ‘অধিনায়ক’, ‘খেল’ দ্য গেম, ৰামধেনু আদিকে ধৰি ভালেমান ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনেতাগৰাকীয়ে অভিনয় কৰিছিল।

শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৯ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক তাৰ পিছত অতি সংকটজনক অৱস্থাত ভেণ্টিলেচনত ৰখা হৈছিল।

ইয়াৰ পিছতে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়খনত তেওঁৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল।

মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে জয়ন্ত দাসে। এইজনা বিশিষ্ট অভিনেতাক অসমৰ দৰ্শকে সদায় মনত ৰাখিব।