NORTHEAST NOW (Assamese)
দেশ

পুনৰ ক’ভিড! কেৰালাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2023 4:04 pm
Covid Variant JN.1

সমগ্ৰ বিশ্বতে দুটাকৈ বছৰত ক’ভিড মহামাৰীয়ে ধাৰণ কৰিছিল কালগ্ৰাসী ৰূপ। ক’ভিডৰ আতংকময় পৰিস্থিতিয়ে স্তব্ধ কৰি তুলিছিল সমাজ জীৱন। ভাৰততো ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। তাৰ মাজতে এক নতুন ক’ভিড-১৯ ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।

শেহতীয়াকৈ কেৰালাত ধৰা পৰিছে ক’ভিডৰ এই নতুন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত এগৰাকী ৰোগী। যোৱা ৮ ডিচেম্বৰত ৰাজ্যখনৰ তিৰুৱনন্তপুৰম জিলাৰ কাৰাকুলামত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট।

মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা লাইক আইলনেছ (আই এল আই)ৰ মৃদু লক্ষণে দেখা দিছিল আৰু তাৰ পিছতে আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে ক’ভিড। উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত এই ভেৰিয়েণ্ট ধৰা পৰিছিল।

১৫ ডিচেম্বৰত চীনত এই নিৰ্দিষ্ট ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত ৭ গৰাকী ৰোগী পোৱা গৈছিল। জ্বৰ, পানী লগা, ডিঙিৰ বিষ, মূৰৰ বিষ, আৰু কিছুমান বিশেষ পৰিস্থিতিত গেষ্ট্ৰাইটিছৰ সৰু সৰু সমস্যা আদি লক্ষণ ৰোগীৰ ক্ষেত্ৰত এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে।

লগতে অধিকাংশ ৰোগীৰে শ্বাস-প্ৰশ্বাসজনিত মৃদু লক্ষণে দেখা দিছে আৰু এনে লক্ষণসমূহৰ পৰা সাধাৰণতে চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত ৰোগী মুক্ত হয়।

অৱশ্য এই বিষয়ত জণসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে দেশৰ চিকিৎসা বিশেষজ্ঞসকলে।