NORTHEAST NOW (Assamese)
অসম

লজ্জাজনক: কেৰালাত ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2023 8:42 pm
Assam man arrested in Kerala

ৰাজ্যক লজ্জানত কৰি বহি:ৰাজ্যত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসমৰ এজন যুৱক। কেৰালাৰ কোচিত এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৩২ বছৰীয়া যুৱকজন।

ধৃত যুৱকজনক ফিৰদৌছ বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ফিৰদৌছে দৈনিক মজুৰি কৰা কৰা শ্ৰমিক মহিলাগৰাকীক ওচৰৰ মেট্ৰ’ ষ্টেচনলৈ যোৱাৰ পথ দেখুৱাই দিয়াৰ চলেৰে এই অপকৰ্ম কৰে।

মহিলাগৰাকীক অভিযুক্ত ফিৰদৌছে ৰে’লৱেৰ অভাৰব্ৰিজৰ সমীপৰ এটা জনশূন্য অঞ্চললৈ লৈ যায় আৰু তেওঁক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে।

পিছত স্থানীয় লোকে আহত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে কেইদিনমানৰ ভিতৰতে ফিৰদৌছক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় আৰক্ষী বিষয়াই সদৰী কৰা মতে এই ঘটনাৰ পিছতো ফিৰদৌছ কোচিতে আছিল আৰু শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত যুৱকজন অসমৰ হ’লেও মালয়ালম ভাষাতো সাৱলীল বুলি জানিব পৰা গৈছে। ফিৰদৌছৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি বিষয়াজনে উল্লেখ কৰে।