NORTHEAST NOW (Assamese)
Popular Stories

যৌনগন্ধী দৃশ্যত অভিনয় : কেমেৰাৰ সমুখতেই নিয়ন্ত্ৰণ হেৰুৱাইছিল এই কেইজন তাৰকাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 20, 2023 12:06 pm

অন্তৰংগ দৃশ্যত অভিনয় কৰাটো বলীউডত নতুন কথা নহয়। অতীজৰে পৰা বলীউডৰ চিনেমাত অন্তৰংগ মুহূৰ্তৰ ছবি দেখুৱাই অহা হৈছে। কিন্তু কিছু বছৰৰ আগলৈকে অন্তৰংগ দৃশ্য ইমান মুকলিকৈ দেখুওৱা হোৱা নাছিল যদিও আজিকালি মুকলিকৈয়ে যৌনগন্ধী দৃশ্য চিনেমা দেখুওৱা হয়।

এনে দৃশ্যত নিখুঁট অভিনয় কৰাটো ইমান সহজ নহয়। এনে দৃশ্যত অভিনয় কৰি দৃশ্যটো ফুটাই তুলিবলৈ লাজ, ভয় আৰু কামনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলগীয়া হয়। কিন্তু এনে যৌনগন্ধী বা অন্তৰংগ মুহূৰ্তৰ দৃশ্যত অভিনয় কৰোতে বহু অভিনেতাঅভিনেত্ৰীয়ে কামনাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ বহু উদাহৰণ বলীউডত দেখা পোৱা যায়।

অন্তৰংগ মুহূৰ্তৰ দৃশ্য গ্ৰহণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই নায়িকাৰ ওপৰত জপিয়াই পৰি অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰা কেইগৰাকীমান অভিনেতাৰ বিষয়ে জানোঁ আহক

সিদ্ধাৰ্থ মালহোত্ৰাঃ : ‘এ জেন্টলমেন’ শীৰ্ষক চিনেমাত জেকলিন ফাৰ্নাণ্ডেজৰ লগত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰাই। চিনেমাখনৰ এটা দৃশ্যত নায়ক নায়িকাগৰাকীয়ে চুমা খোৱাৰ কথা আছিল। কিন্তু শুনা যায় যে দৃশ্যটোৰ সময়ত অভিনেতাজন চুমাৰ পৰশত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু পৰিচালকে কাট বুলি কোৱাৰ পিছতো চুম্বন কৰিবলৈ বাদ দিয়া নাছিল।

নাৰ্গিছ ফাখৰি : ইমৰাণ হাচমীৰ চিনেমা মানে চিনেমাখনত একাধিক চুমা খোৱাৰ দৃশ্য থাকিবই থাকিব। ‘আজহাৰ’ৰ শ্বুটিঙৰ সময়ত ইমৰাণ হাছমীৰ সৈতে চুমা খোৱাৰ দৃশ্য এটা শ্বুটিং কৰি থাকোঁতে নাৰ্গিছ আৰু ইমৰাণে ইমানেই আকৰ্ষিত হৈ পৰিছিল যে পৰিচালকে বন্ধ কৰিবলৈ কোৱাৰ পিছতো তেওঁলোকে চুমা খোৱাৰ অভিনয় অব্যাহত ৰাখিছিল।

কংগনা ৰাণাৱত : বিতৰ্কৰ আন এটা নাম হ’ল কংগনা। বীৰ দাসৰ সৈতে কংগনাৰ এটা চুমা খোৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই ঘটনাৰ কথা জানিব পৰাৰ পিছত তেওঁলোক অতি অপ্ৰস্তুত হৈ পৰিছিল।

ৰণবীৰ কাপুৰ : ‘য়েহ জৱানী হায় দীৱানী’ চিনেমাৰ দৃশ্য গ্ৰহণৰ সময়ত ইভেলিং শৰ্মাৰ সৈতে চুমা খোৱাৰ দৃশ্যত নিয়ন্ত্ৰণ হেৰুৱাইছিল ৰণবীৰ কাপুৰে। ছচিয়েল মিডিয়াত এই বিষয়টোক লৈ কেইবাবছৰ ধৰি বিতৰ্ক চলি আহিছে।

টাইগাৰ শ্ৰফ : ‘এ ফ্লাইং জেট’ত টাইগাৰ শ্ৰফৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে চুম্বনৰ এটা দৃশ্য আছিল। এই দৃশ্যৰ সময়ত দুয়োৱেই পৰিচালকে কাট বুলিম কোৱাৰ পিছতো ওঁঠৰ পৰা ওঁঠ আঁতৰাই নিব খোজা নাছিল।

বিনোদ খান্না : ‘দয়াবন’ চিনেমাত বিনোদ খান্না আৰু মাধুৰী দীক্ষিতৰ অন্তৰংগ দৃশ্যৰ বিষয়ে আমি সকলোৱে জানো। মাধুৰী দীক্ষিতক চুমা খাই থাকোঁতে বিনোদ খান্নাই মাধুৰীৰ ওঁঠত কামুৰি দিছিল। এই ঘটনাত মাধুৰী দীক্ষিতে বৰ ভয় খাইছিল।

ৰঞ্জিত : নব্বৈৰ দশকৰ বেছিভাগ চিনেমাতে ধৰ্ষণকাৰীৰ চৰিত্ৰত অভিনয় কৰা ৰঞ্জীতে এবাৰ মাধুৰী দীক্ষিতক জোৰকৈ সাৱটি ধৰি এটা দৃশ্যত অভিনয় কৰিছিল। এই ঘটনাই পিছত ৰঞ্জিতক লজ্জিত কৰিছিল।