NORTHEAST NOW (Assamese)
দেশ

“মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে” , ইডিৰ গোচৰক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ল অভিনেত্ৰী জেকলিন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 20, 2023 10:13 am
“মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে” , ইডিৰ গোচৰক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ল অভিনেত্ৰী জেকলিন

২০২১ চনৰ আগষ্ট মাহত সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি সেই সময়ত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ আছিল সুকেশৰ প্ৰেমিক। তাৰ ভিত্তিত ইডিয়ে জেকলিনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰে।

এতিয়া অভিনেত্ৰীগৰাকীয়ে সেই গোচৰৰ পৰা সকাহ পাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ৰচনা কৰা হৈছে। গতিকে এই গোচৰটো অনতিপলমে প্ৰত্যাহাৰ কৰিব লাগে।

এই গোচৰৰ বাবে বহিঃৰাজ্যলৈ যাবলৈ বাৰে বাৰে অনুমতি ল’ব লগা হয় জেকলিনে। লগতে যেতিয়াই মাতে তেতিয়াই ইডি অফিচত উপস্থিত থাকিব লাগে।

উল্লেখ্য যে, ২০২১ চনত সুকেশ চন্দ্ৰশেখৰৰ নাম এটা জালিয়াতিৰ গোচৰত জড়িত আছিল। তেওঁৰ বিৰুদ্ধে ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত জেকলিনৰ লগত তেওঁৰ সম্পৰ্ক আছিল। তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।